20
Jul
2017

নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্তত আজি দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। এই নিৰ্বাচনৰ পাছত এন ডি এ আৰু ইউ পি এৰ মাজত অব্যাহত ৰাজনৈতিক মনস্তাত্বিক যুঁজখন অনাগত দিনলৈ আৰু অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ প্ৰবল। স্বাভাৱিকতে এই নিৰ্বাচনতো কিন্তু সাম্প্ৰদায়িক আৰু জাত-পাতৰ ৰাজনীতিয়ে বৰ স্পষ্টকৈ ৰাইজৰ সন্মুখত ধৰা দিলে। শাসক, বিৰোধী উভয়েই যে এনে ৰাজনীতিয়েই পছন্দ কৰে সেয়াও এতিয়া স্পষ্ট।