
জাজৰিঃ ছাৰ, মোৰ মৰিবলৈ মন নাই৷ মই মৰিব নোখোজো ছাৰ৷ পঢ়ি ভাল পাও বাবে পঢ়ি শুনি ডাঙৰ মানুহ হ’ব খোজো৷ এয়া কোনো নাটকৰ অভিনেতাৰ সংলাপ নহয়৷ সংলাপ যেন লগা এয়া বাস্তৱ আৰু জীয়া৷ এই কাতৰ আহ্বান এগৰাকী ১৭ বছৰীয়া যুৱকৰ৷ যুৱকজনে ছাৰ বুলি সম্বোধন কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ ১৭ বছৰীয়া যুৱকজনৰ হিমন্ত বিশ্ব শৰ্মা আপোন মানুহ৷
জীয়াই থকাৰ দুৰ্বাৰ হেপাহেৰে মন্ত্ৰীগৰাকীক তেওঁ বাৰে বাৰে সহায়ৰ বাবে আহ্বান জনাইছে৷ যুৱকজনৰ নাম আচিফ ইকবাল। বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাজৰি বৰমনিপুৰ গাঁৱৰ আৰ্জান আলি আৰি মমিনা বেগমৰ একমাত্র পুত্র সন্তান আচিফ।
এটি পুত্র আৰু এগৰাকী কন্যা সন্তানসহ চাৰিটা পৰিয়ালৰ এখন সুখৰ সংসাৰ। একমাত্র পুত্র আচিফক মানুহ কৰাৰ সপোন বুকুতলৈ দেউতাকে দিন হাজিৰা কৰি সংসাৰ চলাই থাকোতেই আচিফে বহু বছৰ পূৰ্বে প্ৰায় ৫ ফুট উচ্চতাৰ পৰা মাটিত পৰিছিল৷ তেতিয়াৰপৰাই আচিফক মাজে মাজে চিকিৎসকৰ ওচৰলৈ নি থাকিবলগা হৈছিল যদিও হাইস্কুল পোৱাৰ পাছত আচিফ সম্পূৰ্ণ সুস্থ হয়।
২০১৪ চনত আচিফ পুনৰাই অসুস্থ হোৱাত স্থানীয় ৰাইজৰ সহায়-সহযোগত গুৱাহাটীৰ ইন্টাৰনেশ্যনেল হস্পিতালত কিডনিৰ অস্ত্ৰোপচাৰ কৰে। অস্ত্ৰোপচাৰ কৰাৰ কিছুদিন ভালে থাকি ২০১৭ চনৰ পৰা আকৌ অসুস্থ হয় আচিফ। এইবাৰ চিকিৎসকৰ মতে আচিফৰ দুয়োটা কিডনি বিকল হৈছে৷ বৰ্তমান দিনে-নিশাই বিচনাৰ সংগী আছিফ৷ চিকিৎসা কৰিবলৈ সামৰ্থ্য নাই দৰিদ্ৰ পৰিয়ালটোৰ৷
দিন হাজিৰা কৰি এসাজ খাই এসাজ লঘোণে থকা আচিফৰ পৰিয়ালে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে। আচিফে মন্ত্ৰী গৰাকীক কাতৰ অনুৰোধ জনায় সহায়ৰ বাবে৷ "ছাৰ, মই অসুস্থ দেহাৰে এইবাৰ মেট্ৰিক পৰীক্ষা দি ২য় বিভাগত উত্তীৰ্ণ হৈছো। উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিব নোৱাৰিলো।"-শিক্ষামন্ত্ৰীক উদ্দেশ্যি আছিফে কয়।
"মই ক'লৈকো যাব নোৱাৰো, বিছনা এৰিব নোৱাৰো, খোজ কাঢ়িব নোৱাৰো। মোৰ হেনো দুয়োটা কিডনী বেয়া হৈছে। মা-দেউতাৰ একমাত্র ল'ৰা মই। মোৰ লগতে ঘৰৰ সকলো গল। এতিয়া মোৰ বাবে ঔষধ কেইটাও আনিব নোৱাৰা অৱস্থা।"-মন্ত্ৰীগৰাকীক সহায়ৰ আহ্বান জনায় আচিফে এইদৰে কয়। লগতে কোনো লোকে আচিফক সহায় কৰিব খুজিলে ইউ বি আই জাজৰি শাখাৰ A/C NO-১৩৪৭০১০৯২৮০৩৮ আৰু মবাইল নং-৯৫৭৭৬৬৫৫২৬ নম্বৰত পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰে।