ৰঙিয়াঃ যোৱা তিনিদিন ধৰি সন্ধান নাই এজন যুৱকৰ৷ মৰমৰ পুত্ৰক বিচাৰি এতিয়া হায়ৰাণ মাতৃ৷ পুত্ৰ চকুৰ আঁৰ হলেই থাকিব নোৱাৰা মাতৃগৰাকীয়ে লঘোণে থাকি পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে৷

মাতৃগৰাকীৰ কনিষ্ঠ পুত্ৰ নিৰুদ্দেশ হয় ৰঙিয়া ৰেল ষ্টেশ্যনৰ পৰা৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ দীনেশ দাস আৰু চুমতি দাসৰ কনিষ্ঠ পুত্ৰ পুত্ৰ মুকুল দাস (২৫) মঙলবাৰৰ পৰা নিৰুদ্দেশ হয়৷ জানিব পৰা মতে, ৰঙিয়া শান্তিপুৰৰ বায়েকৰ ঘৰৰ পৰা গোৰেশ্বৰৰ ঘৰলৈ যাবলৈ বুলি ওলাই আহি ৰঙিয়া ৰেল ষ্টেশ্যনৰ পৰা নিৰুদ্দেশ হয় যুৱকজন৷

যোৱা ১৮ জুলাইৰ পুৱা ৯ বজাত বায়েকৰ ঘৰৰ পৰা গোৰেশ্বৰৰ ঘৰলৈ যাবলৈ ওলাই আহি এতিয়ালৈ কোনো শুংসুত্ৰ নাই যুৱকজনৰ৷ যুৱকজনৰ কোনো শুংসূত্ৰ নোলোৱাত ৰঙিয়া ৰেল আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

পৰিয়ালৰ লোকে এগৰাকী মহিলাই ৰঙিয়া ষ্টেশ্যনত উক্ত দিনাই দিনৰ প্ৰায় ১১ বজাত যুৱকজনক প্ৰত্যক্ষ কৰিছিল বুলি কয়।

ঘিউ ৰঙৰ হাফ চাৰ্ট আৰু মটিয়া ৰঙৰ লংপেন্ট পৰিহিত যুৱকজন গুৱাহাটী অভিমুখী ৰেলত ভুলতে উঠি দিয়া বুলি সন্দেহ কৰিছে পৰিয়ালে। কোনো লোকে যুৱকজনৰ সন্ধান পালে 9864888963 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকসকলে।