চৰাইদেউঃ ভূঁই ৰুলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ৰোৱনীৰ হাতৰ পৰা ভূঁই লৈ বোকাময় পথাৰত গুজিলে ভূঁই৷ বৰ অসমৰ বৰভেটি খ্যাত ঐতিহ্য নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বৰ স্মৃতি বিজড়িত ঐতিহাসিক চৰাইদেউত আজি ন-ভূঁই ৰুলে মুখ্যমন্ত্ৰীয়ে।

বোকা পানী গচকি পথাৰৰ মাজলৈ গৈ ৰোৱনীহঁতৰ সৈতে মেল মাৰি মুখ্যমন্ত্ৰীয়ে অতীত ৰোমন্থন কৰি আপোন পাহৰা হ'ল পথাৰৰৰ মাজত৷ চৰাইদেউ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত মাহমৰাৰ ভঁৰালিপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কোঁৱৰ গাঁৱত আয়োজন কৰা ‘ন-ভূঁই ৰোৱা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  

ন-ভূঁই ৰোপণৰ বাবে প্ৰায় এশ হেক্টৰ মাটি প্ৰস্তুত কৰিছিল প্ৰশাসনে। অঞ্চলটোৰ ৰাইজ আৰু মহিলা আত্মসহায়ক গোটসমূহৰ সহায়ত প্ৰস্তুতি চলাইছিল চৰাইদেউ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা কৃষি বিভাগে।

ন-ভূঁই ৰোৱা' কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃষি বিভাগৰ তৰফৰ পৰা হিতাধিকাৰীসকলৰ মাজত পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে অসম গ্ৰামীণ বেংকৰ কাকতিবাৰী শাখা আৰু ইউনাইটেড বেংকৰ উদ্যোগত কৃষকসকলক কিষাণ ক্ৰেডিট কাৰ্ড আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে প্ৰ-পত্ৰ প্ৰদান কৰা হয় ন-ভূঁই ৰোৱা উৎসৱত।

মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনৰ তত্ত্বৱাধানত অনুষ্ঠিত ন-ভূঁই ৰোৱা উৎসৱত সাংসদ কামাখ্যা প্ৰসাদ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈয়ো উপস্থিত থাকে।