
মৰিগাঁওঃ ঘৰ ভাঙি বিপদত পৰিল প্ৰশাসন৷ ২০১৪ চনৰ পৰা এটুকুৰা ভূমিত বসবাস কৰি থকা এটি পৰিয়ালক উচ্ছেদ কৰি বিপদত পৰিল এখন জিলাৰ প্ৰশাসনৰ মুৰব্বী৷
মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত পালিগুৰি গাঁৱৰ জাহেব আলিয়ে পৱন সৰকাৰ নামৰ লোকগৰাকীৰ গোভা মৌজাৰ পালিগুৰি কিচামৰ ৯৪নং একচনা পট্টাৰ ১৬নং দাগৰ ৬ বিঘা ৩কঠা ১৩ লেচা মাটিৰ এবিঘা মাটি মৌখিক চুক্তি অনুসৰি কিনিছিল৷
মুখৰ কথা মতে বিগত ২০১৪ চনৰ পৰা মাটিখিনিত জাহেব আলিয়ে ঘৰ সাজি বসবাস কৰি আহিছে। যোৱা বুধবাৰে হঠাৎ লোকজনৰ ঘৰত আৰক্ষী-অৰ্ধসামৰিক বাহিনী লগত লৈ জিলাপ্ৰশাসনৰ এটি বৃহৎ দল উপাস্থিত হয়। প্ৰশাসনে লগl লৈ যোৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে জাহেবৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্ৰায় ডেৰ লাখ টকাৰ সা সম্পত্তি নষ্ট কৰে।
ইয়াৰ উপৰিও প্ৰশাসনৰ একাংশ লোকে জাহেবৰ পত্নীক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে।প্ৰশাসনে কোনো জাননী নিদিয়াকৈ তথা কোনো কথা নজনোৱাকৈ উচ্ছেদ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
মৰিগাঁও জিলাৰ উপায়ুক্তৰ নিৰ্দেশত ঘৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰি জাহেবে শেহতীয়াকৈ ভাৰতীয় দণ্ডবিধিৰ ৪৪৭, ৪৪৮, ৪২৭, ৩৫৪, ৫০৬ আৰু ৩৪ ধাৰাৰ অধীনত মৰিগাঁৱৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত(ৰাজহ), মায়ংৰ ৰাজহ চক্ৰ বিষয়া, লাট মণ্ডল, আৰক্ষী বিষয়াকে ধৰি মুঠ ৯ জন লোকৰ বিৰুদ্ধে মৰিগাঁও জিলা ফৌজদাৰী আদালতত এটি গোচৰ ৬৮০/২০১৭ নম্বৰত গোচৰ ৰুজু কৰে।
মৰিগাও জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত (ৰাজহ), এগৰাকী ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে ফৌজদাৰী আদালতত গোচৰ ৰুজু হোৱা ঘটনাই জিলাখনৰ প্ৰশাসনৰ ভিতৰে-বাহিৰে ভূমিকম্পৰ সৃষ্টি হয়৷ একাংশ লোকে ঘৰ ভাঙিবলৈ গৈ প্ৰশাসন বিপদত পৰিল বুলিও মন্তব্য কৰিছে।