22
Jul
2017

কোকৰাঝাৰঃ স্বাধীনতা দিৱসৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ কচুগাওঁ থানাৰ অন্তৰ্গত ঘন জংঘলৰ পৰা আৰক্ষীয়ে বিস্ফোৰক উদ্ধাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং কোব্ৰা ৰেজিমেণ্টে কালি নিশা জিলাখনৰ কচুগাঁও থানাৰ অন্তৰ্গত মালভোগৰ ঘন জংঘলত যৌথ অভিযান চলাই যুদ্ধবিৰতিত থকা আদিবাসী ড্ৰাগন ফৰ্চৰ প্লেটুন কামাণ্ডাৰ সুফল হেমব্ৰমক কৰায়ত্ব কৰে।
অভিযানকাৰী দলটোৱে তেওঁৰ জিন্মাৰ পৰা ২৯ টা হস্তনিৰ্মিত গ্ৰেণেড জব্দ কৰাৰ লগতে হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰে। যুদ্ধবিৰতিত থকাৰ পিছতো আদিবাসী ড্ৰেগন ফৰ্চৰ প্লেটুন কামাণ্ডৰৰ পৰা বৃহৎ পৰিমাণৰ গ্ৰেণেড জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অধিক তথ্যৰ সন্ধানত ধৃত সুফল হেমব্ৰমক জেৰা অব্যাহত ৰখা হৈছে বুলি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰিছে।