নাৰায়ণপুৰঃ বানে ধুই নিয়া লখিমপুৰত এতিয়া চৌদিশে মানুহৰ আৰ্তনাদ৷ কোনাবাই কোলাত কেচুৱা লৈ চকুলো টুকিছে কোনোবাই বানত উটি যোৱা সপোনৰ ঘৰখনৰ বাবে নীৰৱে চকুলো টুকিছে৷ নীপকোৰ কাণ্ডজ্ঞানহীন কাৰ্য্যৰ বাবে জিলাখনৰ হাজাৰ হাজাৰ লোকৰ সপোন চূৰমাৰ হৈ গৈছে৷ নীপকোৱে এৰি দিয়া পানীয়ে নিমিষতে হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তুকে ধৰি সকলো উটুৱাই নিছিল ৷ এতিয়া মানুহে জুইশলা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷

সন্তানৰ কাপোৰ, কিতাপ, বাচন-বৰ্তন, বিছনা, পৰিয়ালৰ সকলোৰে কাপোৰ কেনেকৈ যোগাৰ কৰিব তাৰ চিন্তাত মূৰে-কপালে হাত দিছে৷ এখন নতুন ঘৰ সজোৱাৰ চিন্তা এৰি এসাজ ভাতৰ চিন্তাত দিন পাৰ কৰিছে শ শ লোকে৷ কৃষি সামগ্ৰী বানে উটুৱাই নিলে৷ হালৰ বহু গৰুৰ মৃত্যু হোৱাৰ লগতে বহু গৰু উটুৱাই নিয়ে৷ খেতি নকৰিলে ভাত খাব নোপোৱা লখিমপুৰ জিলাখনৰ কৃষকৰ যন্ত্ৰণাৰ সমভাগী হ'বলৈ ওলাইছে প্ৰাক্তন আলফা ঐক্য মঞ্চ।

বানাক্ৰান্ত অঞ্চলৰ কৃষকক কঠিয়া যোগান ধৰাৰ মানসেৰে লখিমপুৰ জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ উদ্যোগত লখিমপুৰ জিলা পথাৰ পৰিচালনা সমিতি আৰু  মাধৱপুৰৰ বহুমুখী মিশ্ৰিত কৃষি ফাৰ্মৰ সহযোগত বানপীড়িত ৰাইজৰ সহায়ৰ বাবে শনিবাৰে ধানৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰায় এশ বিঘা মাটিত কঠিয়া পৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মঞ্চখনে৷ শনিবাৰে ৫বিঘা মাটিত কঠিয়া সিঁচা কাৰ্যসূচীৰ আৰম্ভ কৰে নাৰায়ণপুৰত৷

দেওবাৰে লালুক, বিহপুৰীয়া আৰু ৰঙতি অঞ্চলত কঠিয়া পাৰিব সংগঠনকেইটাই৷ বানত লখিমপুৰ জিলাৰ বহু কৃষকৰ কঠিয়া উটুৱাই নিয়াৰ লগতে পানীত গেলি যোৱাৰ ফলত এতিয়া কৃষকসকলৰ মূৰে-কপালে হাত দিব লগীয়া হৈছে৷ জিলা কৃষি বিভাগে বানাক্ৰান্ত কৃষকৰ বাবে ধানৰ বীজ যোগান ধৰিছে যদিও বৰ্তমানেও বহু কৃষকৰ কৃষি ভূমিৰ পৰা পানী আতঁৰি যোৱা নাই৷ যাৰ বাবে বৰ্তমানেও কঠিয়া পাৰিব পৰা নাই৷ প্ৰাক্তন আলফা নেতাসকলে তেনে কৃষকক সহায় কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷ যাৰ ফলস্বৰূপে কৃষকসকল উপকৃত হ'ব বুলি বহুলোকে আশা প্ৰকাশ কৰিছে।