ৰঙিয়াঃ ৪০ ঘন্টা অতিক্ৰম কৰাৰ পাছতো খবৰ নাই ৰঙিয়া চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ৷ ঘৰৰ পৰা ঔষধ কিনিম বুলি ওলাই গৈ নিৰুদ্দেশ হৈছিল ৰঙিয়া চহৰৰ ৫৩ বছৰীয়া প্ৰতিষ্ঠিত ব্যৱসায়ী দীনেশ চিকাৰীয়া।

চহৰখনৰ মাজ মজিয়াৰ ছুপাৰ মাৰ্কেটৰ নিজ বাসগৃহৰ পৰা শুকুৰবাৰে ফাৰ্মাচীৰ পৰা ঔষধ কিনাৰ উদ্দেশ্যে ওলাই গৈ ৪০ ঘন্টা অতিক্ৰম কৰাৰ পাছতো খবৰ নাই ব্যৱসায়ীগৰাকীৰ।

ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰা ব্যৱসায়ীজনৰ পৰিয়ালে অঙহী-বঙহীৰ তথা বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি সন্ধান উলিয়াব পৰা নাই। পৰিয়াল তথা আত্মীয়ই ব্যৱসায়ীজন মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। আৰক্ষীয়ে বৰ্তমানেও কোনো সন্ধান উলিয়াব পৰা নাই নিৰুদ্দিষ্ট ব্যৱসায়ীজনৰ।

নিৰুদ্দেশৰ ঘটনাই পৰিয়াল তথা আত্মীয়ক চিন্তিত কৰি তোলাৰ লগতে চহৰৰ মাজ-মজিয়াৰ পৰা এগৰাকী ব্যৱসায়ী নিৰুদ্দেশ হোৱা ঘটনাক ৰঙিয়াবাসীয়ে সহজভাৱে ল'ব পৰা নাই৷