
ডিজিটেল ৰিপ'ৰ্টঃ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ক্ৰীড়া-যুৱকল্যাণ আৰু সাংস্কৃতিক মন্ত্ৰী তথা ১১২ নং ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ বিশেষ উদ্যোগত আৰু সামাজিক স্বেচ্ছাসেৱী সংগঠন "ৰাইজ"ৰ সহযোগত গৃহ সমষ্টি ঢকুৱাখনাত আয়োজন কৰা হৈছে বিশেষ অভিনন্দন অনুষ্ঠানৰ।
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ বৰ্ষ ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে মন্ত্ৰী তথা বিধায়ক দলেই আয়োজন কৰি অহা অভিনন্দন অনুষ্ঠানটি অহা ২৯ জুলাইত ঢকুৱাখনা কেন্দ্ৰীয় প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব।
সামাজিক স্বেচ্ছাসেৱী সংগঠন "ৰাইজ"ৰ সঞ্চালক ঘনশ্যাম দলেই জানিবলৈ দিয়া অনুসৰি এইবাৰো সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্বৰে উৰ্ত্তীণ সমষ্টিৰ সৰ্বমুঠ এহাজাৰ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক নিজ হাতেৰে সাংস্কৃতিক মন্ত্ৰী দলেই উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে অন্তৰংগ আলাপত অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে এই অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে । ইতিমধ্যেই এই অভিনন্দন অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি চলিছে।
"ৰাইজ"ৰ সঞ্চালক ঘনশ্যাম দলেই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্বৰে উৰ্ত্তীণ ঢকুৱাখনা সমষ্টিৰ সমূহ মেধাৱী ছাত্ৰ-ছাত্ৰীক সাদৰে আমন্ত্ৰণ জনাইছে। সৱিশেষ জানিবলৈ ছাত্ৰ-ছাত্ৰী সকলে ৮৭৬১৯৬৮২৩৮ নং যোগাযোগ কৰিব পাৰিব।