23
Jul
2017

কি চীন, কি পাকিস্তান-কাৰোৱে আগত টিকিব নোৱাৰিব ভাৰত। কিয়নো ভাৰতীয় সেনা বাহিনীৰ হাতত পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ মজুত নাই। এই বিস্ফোৰক তথ্য সদৰী কৰিছে কেগে। ২০১৬ বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা ভাৰতীয় সেনাবাহিনীৰ অস্ত্ৰভাণ্ডাৰৰ ক্ষেত্ৰত কোনোধৰণৰ উন্নতি পৰিলক্ষিত হোৱা নাই বুলি কেগৰ প্ৰতিবেদনত প্ৰকাশ। যুদ্ধকালীন অৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা পৰিমাণতকৈ ৫৫ শতাংশ বিধ অস্ত্ৰ কমি আছে। তদুপৰি ভিন্ন অস্ত্ৰৰ ৪০ শতাংশই গুৰুতৰভাৱে নাটনি ঘটিছে। এই পৰিস্থিতিত যুদ্ধ হ’লে ইমান কম অস্ত্ৰৰে দহদিনো টিকিব পৰা নাযাব বুলি প্ৰতিবেদনত প্ৰকাশ। ইয়াৰ পাছতো পিছে ভাৰত সৰ্ব শক্তিমান বুলি মোদী চৰকাৰে ফিতাহি মাৰি দেশৰ জনতাক সপোন দেখুৱাই আছে।