
গুৱাহাটীঃ অসম বাৰ্তাজীৱি সংঘৰ ৪৩ সংখ্যক পূৰ্ণকালীন অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়৷ অধিৱেশনৰ লগত সংগতি ৰাখি সংঘৰ সভাপতি কেশৱ কলিতাৰ সভাপতিত্বত গুৱাহাটী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত দুপৰীয়া এখন সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ সম্পাদক জগদীশ চন্দ্ৰ পাটগিৰিয়ে৷
সংঘৰ বিভিন্ন জিলাৰ প্ৰতিনিধি আৰু গুৱাহাটীস্থ বিভিন্ন বাতৰি কাকত প্ৰতিষ্ঠানৰ কৰ্মচাৰী ইউনিয়নৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত সাংবাদিক সকলৰ বহু গুৰুত্বপূৰ্ণ দিশৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ সাংবাদিক তথা সংবাদ কৰ্মচাৰী সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত আলোকপাত কৰে সংঘৰ সভাপতি কেশৱ কলিতা আৰু সহঃ সম্পাদক টুটুমণি ফুকনে৷
সাংবাদিক তথা সংবাদ কৰ্মীসকলক মালিকগোষ্ঠীয়ে কৰি অহা শোষণ আৰু বঞ্চনাৰ উপশম ঘটোৱাৰ দাবী জনাই বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় সভাখনত৷ সভাই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ যোগে সমস্যাসমূহ অৱগত কৰাৰো সিন্ধান্ত লয়৷ Industril Employment (Standing Order)Act, 1946ৰ আধাৰত ৰাজ্যখনৰ প্ৰতিটো বাতৰি কাকত প্ৰতিষ্ঠানত ষ্টেণ্ডিং অৰ্ডাৰ বাধ্যতামূলক কৰিবলৈ ৰাজ্য চৰকাৰ আৰু শ্ৰম বিভাগত দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যৰ সকলো বাতৰি কাকত প্ৰতিষ্ঠানত নিয়োজিত সকলো সংবাদ কৰ্মীকে দা-দৰমহা বেংক একাউন্ট যোগে প্ৰদান কৰাৰ দাবী জনায় অসম বাৰ্তাজীৱি সংঘই৷
ৰাজ্য চৰকাৰে ঘোষণা কৰা ছহিদ সাংবাদিক পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা, ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা সাংবাদিক পেঞ্চন আঁচনি চলিত বৰ্ষৰ স্বাধীনতা দিৱসত শিল্পী, সাহিত্যিকসকলৰ লগতে সাংবাদিকসকলকো প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনায় সংঘই৷
পেছাগত কাৰণত ২৪ ঘন্টাই ব্যস্ত থাকিবলগীয়া হোৱা সাংবাদিকসকলৰ নিৰাপত্তাৰ বাবে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ দাবী জনায় সংঘই৷ Assam Press Crrespondent & Accreditation Rules 1989 And Amendment Rule 2016ত Press Accreditation Committeeৰ সদস্য হিচাপে কেৱল Trade Union Act 1926ৰ আধাৰত পঞ্জীয়ন থকা সাংবাদিক সংগঠন সদস্যৰ দ্বাৰা সমিতিখন গঠনৰ বাবে বাৰ্তাজীৱি সংঘই দাবী জনায়৷
সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ পুনৰ গঠন কৰি বাৰ্তাজীৱি সংঘৰ সদস্য অন্তৰ্ভূক্ত কৰা, Working Journalist And Other News Paper Employees (condition of service) And Miscellaneous Provisions Act 1955ৰ ৯নং ধাৰা মতে সাংবাদিক আৰু সংবাদকৰ্মী সকলৰ আৰ্থিক মৰ্য্যদা প্ৰদানৰ বাবে গঠিত Justice Majithia Wage Boardৰ পৰামৰ্শৱলী ৰাজ্যৰ অধিকাংশ সংবাদ প্ৰতিষ্ঠানে পালন নকৰা বুলি অভিযোগ কৰে৷
দেশৰ সংবাদ প্ৰতিষ্ঠানে ভাৰতৰ উচ্চতম ন্যায়ালয়ে Write Petition (civil) No-246 of 2011ৰ ভিত্তিত পুনৰাই ৭ ফেব্ৰুৱাৰী ২০১৪ত দিয়া ৰায় সমূহ প্ৰয়োগ নকৰাৰ পৰিপেক্ষিতত পুনৰ ১৯ জুন ২০১৭ত দিয়া নিৰ্দেশ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু শ্ৰম বিভাগক হেঁচা প্ৰয়োগ কৰা হ’ব বুলি অধিৱেশনত সিন্ধান্ত লোৱা হয়৷