টিংখাংঃ ৰাজ্য চৰকাৰে একেটা বিভাগৰ দ্বাৰা চলাইছে দুটাকৈ বিভাগৰ কাম৷ চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হতুৱাই কৰি আহিছে কৃষি বিভাগৰো কাম৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ পানী যোগান আঁচনিৰ চৌহদত বিভাগে আঁচনি চোৱা-চিতাৰ বাবে নিয়োগ কৰা কৰ্মচাৰীসকলে আঁচনিসমূহৰ চৌহদত কচু, লাও আদিৰ খেতি কৰি সময় অতিবাহিত কৰি আহিছে৷

ভালুকৰ সাঙীত পৰিণত হোৱা ৰাজ্যৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিসমূহৰ কৰ্মচাৰীয়ে এতিয়া কৃষি বিভাগৰ হে কাম কৰি থকা দেখা গৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি সমূহ কৰবাত যদি হাবি জংঘলে আৱৰি ধৰিছে আন কৰবাত আঁচনিৰ চৌহদত লাও, বেঙেনা, কোমোৰাৰ খেতি কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে৷

তলা ওলমি আছে বিশুদ্ধ খোৱা পানী যোগান আঁচনিত৷ গ্ৰাম্য অঞ্চলৰ লোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে৷ নৈ, নিজৰা পানীকে খাব লগীয়াত পৰিছে ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ লোকে৷ নামত বিশুদ্ধ খোৱা পানী যোগান আঁচনি যদিও কোনো কালে পানী দিব পৰা নাই ৰাজ্যৰ শ শ আচনিয়ে৷

১১৯ নং টিংখাং বিধান সভাৰ সমষ্টিৰ গ্ৰাম্যঞ্চলটো বিশুদ্ধ খোৱা পানী যোগান ধৰাত ব্যৰ্থ হৈছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। বিভাগটোৱে বিশুদ্ধ খোৱা পানী যোগানৰ নামত কোটি কোটি টকা ব্যয় কৰি সমষ্টিটোত কেইবাটাও আঁচনি আৰম্ভ কৰিছিল যদিও অধিকাংশই এতিয়া বিকল হৈ পৰিছে।

আশীৰ দশকৰ পৰাই দুকুৰিতকৈয়ো অধিক আঁচনিৰ কাম-কাজ আৰম্ভ কৰিছিল সমষ্টিটোত। যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তদানীন্তন কংগ্ৰেছ চৰকাৰে সমষ্টিটোত প্ৰায় ১৬ খনতকৈ অধিক আঁচনি ৰূপায়ণ কৰিছিল।

পিছে কোটি কোটি টকা ব্যয় কৰাৰ পিছতো পানী যোগান আচনিসমূহ আজিলৈ কাৰ্যক্ষম হোৱা পৰিলক্ষিত নহ'ল বুলি ৰাইজে অভিযোগ কৰি প্ৰায় ৫০ জনতকৈ অধিক কৰ্মচাৰীয়ে এতিয়াও দৰমহা ভোগ কৰি আহিছে বুলি ক্ষোভ ব্যক্ত কৰে।

টিংখাং সমষ্টিৰ চপাতলি, বাঘমৰা, টিপমীয়া, চৰাই হাবি আদি ঠাইত বহু পানী যোগান আঁচনি ৰূপায়িত হৈছিল যদিও দুটা দশক বন্ধ হৈ থকাত নিয়োজিত কৰ্মচাৰীসকলে আঁচনি সমূহৰ চৌহদত কচু, লাও আদিৰ খেতি কৰি সময় অতিবাহিত কৰিছে। আনহাতে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক বিমল বৰায়ো বিশুদ্ধ খোৱা পানী যোগান আঁচনিসমূহ মেৰামতিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।