
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ তীৰ্থস্থান মক্কালৈ হজযাত্ৰাৰ বাবে যাবলগীয়া একমাত্ৰ লোকগৰাকীক আজি বিজেপিয়ে শুভেচ্ছা জনায়৷ কাৰ্বি আংলং জিলা বিজেপিয়ে সদৰ চহৰ ডিফুৰ মুখ্য কাৰ্যালয়ত এক মাত্ৰ হজযাত্ৰী চাহজাহান ৰহমান নামৰ লোকগৰাকীক শুভেচ্ছা জ্ঞাপনৰ বাবে আয়োজন কৰে বিশেষ অনুষ্ঠানৰ।
পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি তথা ১৮নং লুম্বাজং পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত সদস্য ৰতন টেৰণে পৰিচালনা কৰা সম্ভাষণ অনুষ্ঠানত হাওৰাঘাট পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত এম এচি খনচিং ৰংপি, জিলা বিজেপিৰ সদস্য লৰেন্স টেৰণ উপস্থিত থাকে৷
জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত চাহজাহান ৰহমানক বিজেপিৰ পৰিষদীয় সদস্য, জিলা বিজেপিৰ নেতা-কৰ্মী, বিভিন্ন মৰ্চাই একোখন কৈ পহ’ৰে সম্ভাষণ যাচে৷ উল্লেখ্য যে, হজ যাত্ৰা কৰিবলগীয়া চাহজাহান ৰহমান হৈছে কাৰ্বি আংলং জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি।
জিলা বিজেপিৰ সভাপতিকে প্ৰমুখ্য কৰি লৰেন্স টেৰণ হাওৰাঘাটৰ এম এচি খনচিং ৰংপিয়ে চাহজাহান ৰহমানৰ হজ যাত্ৰা শুভ হ'ব বুলি আশা প্ৰকাশ কৰি বিজেপিয়ে যাতে পাহৰীয়া জিলাখনত সবকা সাথ সব কা বিকাশৰ মন্ত্ৰক সফল কৰি সু-শাসন কৰিব পাৰে দাৰ বাবে পৱিত্ৰ মক্কাত দোৱা কৰিবলৈ আহ্বান জনায়৷ সমূহ জাতি জনগোষ্ঠীৰ সম বিকাশেৰে শাসন ভাৰ চলাই নিব পাৰে তাৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈকো আহ্বান জনায় ৰংপিয়ে৷
চাহজাহান ৰহমানে বিজেপিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বহু দিনৰ ইচ্ছা পূৰণ হোৱা বুলি কৈ ইছলামৰ পাঁচটা ভেটিৰ এটা হজক প্ৰয়োজনীয় বুলি ভাবি আদায় কৰিবলৈ অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰি ৰাইজৰ পৰা দোৱা বিচাৰে৷ মক্কাত সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলঙত ভাতৃত্ববোধ আৰু চিৰ শান্তি অটুট ৰখাৰ বাবে লগতে বিজেপিৰ আৰু অধিক উন্নতিৰ বাবে পৱিত্ৰ মক্কাত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাব বুলি চাহজাহানে সদৰী কৰে।