
গুৱাহাটীঃ ২০০৭ চনতে আদিবাসীৰ অধিকাৰৰ হৈ মাত মাতিবলৈ ৰাজধানী চহৰ দিছপুৰলৈ অহা যুৱতী লক্ষ্মী ওৰাং নিৰ্যাতিত হৈছিল বেলতলাত৷ দিন দুপৰতে ঘটা এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যৰ সাধাৰণ জনতাৰ বিবেকক৷ মিনিটতে সমগ্ৰ দেশতে ৰাষ্ট্ৰ হৈ পৰিছিল এই ঘটনা৷
২০০৭ চনৰ পৰা লক্ষ্মী ওৰাঙক বিবস্ত্ৰা কৰা এদল যুৱকক শাস্তি দিয়াৰ দাবী উত্থাপিত হৈ আহিছে যদিও আজিলৈ শাস্তি নাপালে ঘটনাৰ সৈতে জড়িত লোকেসকলে৷ ২০০৭ চনৰ ২৪ নবেম্বৰৰ বেলতলা কাণ্ডৰ ন্যায় বিচাৰি পুনৰ অাদালতৰ দ্বাৰস্থ হ’ল লক্ষ্মী ওৰাং।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা উল্লেখ কৰে লক্ষ্মী ওৰাঙে৷ বেলতলাৰ সেই পাশৱিক ঘটনাৰ অভিযুক্তক প্ৰমাণৰ অভাৱত মুকলি কৰি দিয়াত ক্ষোভিত হৈ পৰে লক্ষ্মী৷ বিগত কংগ্ৰেছ চৰকাৰ দিনত সঠিক তদন্ত নোহোৱাত মূল অভিযুক্ত প্ৰসেনজিৎ চক্ৰৱৰ্তীৰ বিৰুেদ্ধ কোনো কঠোৰ অাইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি সকলো অভিযুক্ত অাজিও মুকলি অাকাশৰ তলত বুলি ক্ষোভ ব্যক্ত কৰে লক্ষ্মীয়ে।
দেশ জোকাৰি যোৱা সেই অমানৱীয় ঘটনাৰ তদন্ত বৰ্তমানৰ বি জে পি চৰকাৰে সম্পূৰ্ণ বন্ধ কৰি দিয়াত পুনৰ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব বুলি প্ৰকাশ কৰে লক্ষ্মীয়ে। আৱেগিক হৈ গুৱাহাটী প্ৰেছ ক্লাৱত শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী অাদিত্য নাথ অাৰু সাংসদ অাৰ পি শৰ্মাই কৰা মন্তব্যই পুনৰ এবাৰ উলংগ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে।
অসম অাৰক্ষীয়ে এই ঘটনা সাধাৰণভাৱে লৈ অভিযুক্তক তদন্তৰ অাওতাৰ পৰা ৰেহাই দিয়া বুলিও সন্দেহ প্ৰকাশ কৰিছে অধিবক্তা নিলম দত্তই।
২০০৭ চনৰ বেলতলা কাণ্ড গোষ্ঠীগত সংৰ্ঘৰ ৰূপ দিয়াৰ অভিসন্ধি অাছিল বুলি মন্তব্য কৰে অধিবক্তা গৰাকীয়ে। ঘটনাই সম্পূৰ্ণ ৰাজ্য জোকাৰি গৈছিল, সেই ঘটনাৰ অভিযুক্ত অাইনী সুৰুঙাৰে সাৰি যোৱা কাৰ্য্য হাজাৰ জন লক্ষ্মী ওৰাঙৰ প্ৰতি কৰা অন্যায় বুলি মন্তব্য কৰে অধিবক্তা নিলমে। ঘটনাৰ উচিত তদন্ত অাৰু অভিযুক্তক উচিত শাস্তি দি ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত অাবেদন জনাব বুলি সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে উল্লেথ কৰে লক্ষ্মীয়ে।