
ধনশিৰিঃ সদৌ অসম ছাত্ৰ সন্থাই আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত বান সাহায্য বিতৰণ কৰে৷ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বহু গাঁও বুৰাই পেলোৱাত ৪০০০ হাজাৰকৈ অধিক লোকে একপ্ৰকাৰ হাহাকাৰ কৰিব লগা হৈছে।
হাজাৰ হাজাৰ লোক আশ্ৰয় শিৱিৰত থাকিবলৈ বাধ্য হৈছে। আশ্ৰয় শিৱিৰৰ লোকসকলক গোলাঘাট জিলাৰ বিভিন্ন দল-সংগঠনৰ লগতে বিভিন্ন সচেতন লোকে সহায় কৰি আহিছে ৰাইজ।
ধনশিৰি মহকুমা ছাত্ৰ সন্থা, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়, ডিব্ৰুগড় কানৈ মহিলা বাণিজ্য মহাবিদ্যালয়, মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই মহকুমাটোৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ কৰে।
সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাজু ফুকন, ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশধৰ গগৈ, সম্পাদক সুভাষ শইকীয়া উপস্থিত থাকে।
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ শেহতীয়া বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও বানৰ পিছত এইবাৰ ধনশিৰি নৈৰ গৰাখহনীয়াত পৰিছে নাওজানৰ লগতে মহকুমাটোৰ আন বহুকেইখন নৈপৰীয়া গাঁও।
মহকুমাটোৰ নাওজানৰ ২নং কৈৰিগাঁৱত ধনশিৰি নৈৰ গৰাখহনীয়াতৱ ১০ ঘৰতকৈ অধিক লোকৰ গৃহ নৈৰ বুকুত জাহ গৈছে। ইয়াৰ উপৰিও উক্ত গাঁওখনত ১৯৮৫ চনতে স্থাপন কৰা জামে মছজিদটোলৈকো নৈৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে।