ডিব্ৰুগড়ঃ ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বি চি পি এলৰ অন্যতম ঠিকাদাৰী প্ৰতিষ্ঠান শিৱা কনষ্ট্ৰাকচনৰ পৰা ধন দাবী কৰাৰ অভিযোগত আটক হোৱা সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি গগৈ আৰু বিত্ত সম্পাদক মিন্টু দত্তক অব্যাহতি দিয়া বুলি আজি সংগঠনটোৱে প্ৰকাশ কৰে।

সংগঠনটোৱে আজি ডিব্ৰুগড় লিটিল পেলেচত অনুষ্ঠিত কৰা এখন সংবাদ মেলত এই কথা সদৰী কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাসে প্ৰকাশ কৰামতে ২১ জুলাই নিশা শিৱা কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হৰ্ষবৰ্ধন সিঙৰ পৰা ২০ লাখ টকা ধন দাবী কৰাৰ লগতে ইয়াৰ অগ্ৰিম ধন হিচাপে ২০ হাজাৰ টকা নিবলৈ যোৱাৰ সময়ত আটক হৈছিল সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক দিব্যজ্যোতি গগৈ আৰু মটক যুৱ-ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মাধুৰ্য্য গগৈ৷

একেদৰে নেতাদ্বয়ে ব্যৱহাৰ কৰা দুখন বিলাতী বাহনো জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় বিত্ত সম্পাদক মিন্টু দত্তৰ সংগঠনটোৰ লগত কোনো যোগাযোগ নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীয়ে পলাতক বুলি ঘোষণা কৰে দত্তক৷ সংবিধান বিৰোধী কাম-কাজত জড়িত থকাৰ অপৰাধত তৎকালীনভাৱে এনে সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে।

পৰৱৰ্তী সময়ত তেজপুৰত বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি সম্পাদক গৰাকীলৈ শ্ব'কজ প্ৰেৰণ কৰিব বুলিও প্ৰকাশ কৰিছে। ইপিনে সংবাদমেলত শিৱা কনষ্ট্ৰাকচনে মৃত কৰ্মচাৰীৰ পৰিয়ালক ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে।

সংবাদমেলত উপস্থিত থকা প্ৰতিষ্ঠানটোৰ সদ্য প্ৰয়াত কৰ্মচাৰী বিদ্যাসাগৰ বৰাৰ কন্যা ভাৰতী বৰুৱাই উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। তেওঁৰ পিতৃৰ প্ৰাপ্যৰ ধন পোৱাত সহায় কৰি দিয়াৰ বাবে নেতাদ্বয়ক অতি ষড়যন্ত্ৰমূলকভাৱে এজন বহিৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুৱা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে বুলিও অভিযোগ উত্থাপন কৰে।