বাঘবৰঃ বৰপেটা জিলাৰ মন্দিয়া বজাৰৰ নিবিদা আহ্বানত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, মন্দিয়া বজাৰ নিবিদালৈ ১৩ জন নিবিদাকাৰীৰ ভিতৰত সৰ্বোচ্চ ৪০ লাখ আৰু সৰ্ব নিম্ন ৭.৫১ লাখৰ ডাক সীমাবদ্ধ থাকে।

বৰপেটা জিলা পৰিষদৰ চিইঅ', সভাপতি মজিবৰ ৰহমান খান আৰু মন্দিয়া জিলা পৰিষদৰ সদস্য ফিৰোজ আহমেদে মিলি বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এই অনিয়ম সংঘটিত কৰাৰ বুলি অভিযোগ উত্থাপন কৰিছে বঞ্চিত নিবিদাকাৰীয়ে।

সৰ্ব নিম্ন নিবিদাকাৰীক বজাৰ দিয়াৰ পূৰ্বেই  বৰপেটা জিলাৰ উপায়ুক্তক অভিযোগ দিছিল নুৰুল হাছান আৰু ৰাহুল হাছান নামৰ নিবিদাকাৰীয়ে।

কিন্ত কোনো সুফল নাপাই ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ সচিবক নিবিদাকাৰী ৰাহুল হাছানে আভিযোগ কৰে। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ অপৰাধ অনুসন্ধান শাখা আৰু দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে তদন্তৰ দাবী জনাইছে বঞ্চিত নিবিদাকাৰীয়ে।