
উত্তৰ শালমাৰাঃ হাঁহিৰাম মন্ত্ৰী পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগত এতিয়া চলিছে চৰম অৰাজকতা ৷ উৎকট গৰমত ঘন্টাৰ পিছত ঘন্টা লোড শ্বেডিং কৰি জ্বলা কলা খুৱাইছে গ্ৰাহকক৷
বিদ্যুৎ নাথাকিলে গৰমত মৰিব লাগে গ্ৰাহক ৷ আনহাতে বিদ্যুৎ আহিলেও দিগদাৰ৷ হ’ব লাগে বিদ্যুৎপৃষ্ট৷ এয়াই পল্লৱলোচনৰ বিদ্যুৎ বিভাগৰ কাহিনী৷
সোমবাৰে আবেলি বিদ্যুৎ বিভাগৰ তাৰ মেৰামতি কৰি আছিল দুজন কৰ্মচাৰীয়ে ৷ বিদ্যুৎ সংযোগ কৰ্তন কৰি বীৰবল ৰায় নামৰ কৰ্মচাৰীজনে খুটাত উঠি বিদ্যুতৰ তাৰ মেৰামতি কৰি থাকোতেই হঠাৎ বিদ্যুৎ বিভাগে কৰি দিয়ে বিদ্যুৎ সংযোগ৷
ফলত প্ৰায় ১৮ ফুট উচ্চতাৰ পৰা বিদ্যুৎস্পৃষ্ট হৈ তলত জখলা ধৰি থকা বাণেশ্বৰ ৰাভাৰ গাৰ ওপৰত সৰি পৰে ৷ বিদ্যুৎস্পৃষ্ট হৈ বীৰবল ৰায়ৰ হাতখন দগ্ধ হয় ৷
আনহাতে বীৰবল ৰায়ৰ ভৰ সহিব নোৱাৰি তলত থকা বাণেশ্বৰ ৰাভাৰ ভৰি এখন ভাঙি যায় ৷ দুয়োকে ততাতৈয়াকৈ অভয়াপুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ পিছত উন্নত চিকিৎসাৰ বাবে বাণেশ্বৰ ৰাভাক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷