25
Jul
2017

সৰভোগঃ সৰভোগৰ বৃহত্তৰ বৰনগৰ অঞ্চলৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰিদমৰ উদ্যোগত আৰু দাপোন দ্যা মিৰৰ সহযোগত ৩ জুলাইৰ পৰা আৰম্ভ হোৱা শিশু নাট কৰ্মশালা ২৭ জুলাইত সামৰণি পৰিব৷
৪৫ নং উত্তৰ গনক গাড়ী নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত সপ্তম বাৰ্ষিক গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে দীপু আৰু গনেশ বসুমতাৰী। কৰ্মশালাৰ ২৭ জুলাইৰ সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সৃষ্টিমূলক অনুষ্ঠানৰ লগতে নাট প্ৰদৰ্শন কৰিব৷
সামৰণি অনুষ্ঠানত উপস্থিত থাকিব মুখ্য প্ৰশিক্ষক, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতকোত্তৰ তথা বিশিষ্ট অভিনেতা পৱিত্ৰ ৰাভা৷ নাট কৰ্মশালাত প্ৰায় ৫০ গৰাকী শিশুয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি অহা বুলি জানিবলৈ দিয়ে ৰিদমৰ সক্ৰিয় সদস্য ৰাহুল দেৱ দাস আৰু ৰিংকু দাসে।