বোকাজানঃ মদৰ বিৰুদ্ধে জাগিছে পাহাৰীয়া জিলাৰ ৰাইজ৷ মদমুক্ত অসম দাবী সমিতি অসমকে ধৰি কেইবাটাও সংগঠনে মদৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন কৰাৰ সময়তে এইবাৰ জাগিছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ জনসাধৰণ৷

গ্ৰাম্য অঞ্চলত মদৰ বিপনী বন্ধ কৰাৰ দাবীত আজি ৰাজপথলৈ ওলাই আহে পাহাৰীয়া ৰাইজ৷ চাৰিচকীয়া বাহন, মটৰচাইকেল খোজকাঢ়ি ভাগে ভাগে ওলাই আহি মদ নিবাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি একপ্ৰকাৰ উত্তাল কৰি তোলে জিলাখন৷

বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে এদিন ছাত্ৰ সংগঠনত থাকি মদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল যদিও এতিয়া ৰাজহ সংগ্ৰহৰ স্বাৰ্থত মদৰ প্ৰচলনৰ সপক্ষে থিয় দিয়া বুলি ক্ষোভ ব্যক্ত কৰে কেইবাগৰাকী লোকে৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত নাহৰজান-গৌতমবস্তি এলেকাত সুৰাৰ বিপণী আৰু বাৰ স্থাপনৰ বিৰুদ্ধে আজি অঞ্চলটোৰ ৰাইজে ৰাজপথলৈ উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

মহিলা যুঁজাৰু মঞ্চ আৰু কাৰ্বি ছাত্ৰ সন্থা, কে এন চি এ, এছ ৱাই চি, কে এন এছ ইউৰ বোকাজান আঞ্চলিক সমিতি আৰু বালিজান যুৱ ক্লাবৰ উদ্যোগত তথা অঞ্চলটোৰ ১৫ খন গাঁৱৰ ৰাইজে আজি চৰিচকীয়া বাহন-মটৰচাইকেল, খোজকাঢ়ি এক বিশাল প্ৰতিবাদী সমদল উলিযায় নাহৰজান-গৌতমবস্তিত সুৰাৰ বিপণী আৰু বাৰ স্থাপন কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰে৷

কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ হায় হায়, আবকাৰী বিভাগ হুচিয়াৰ, গাঁৱত সুৰাৰ বিপণী বন্ধ কৰক, আমাক শান্তি লাগে, শিশু তথা মহিলাক ৰক্ষা কৰক, সুৰা নিষিদ্ধ কৰক আদি শ্ল’গানেৰে সীমান্তৱৰ্তী অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে৷ বিভিন্ন বেনাৰ-ফেষ্টুন হাতত লৈ আবাল, বৃদ্ধ, বনিতাই নাহৰজান-গৌতমবস্তিৰ পৰা সমদল উলিযায় ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ১০ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি বোকাজান নগৰস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হয়৷

সুৰাৰ বিপণী তথা বাৰ স্থাপনৰ বিৰোধিতাৰে বিভিন্ন শ্ল’গানেৰে মহকুমাধিপতিৰ কাৰ্যালয় মুখৰিত কৰি তোলে৷ মহিলা সংগঠনৰ লগতে, বিভিন্ন ছাত্ৰ সংগঠন তথা নাহৰজান-গৌতমবস্তি অঞ্চলৰ ৰাইজে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সীমান্তৱৰ্তী অঞ্চলটোত মুকলি কৰা সুৰাৰ বিপণী তথা বাৰ সমূহে উঠি অহা প্ৰজন্মক মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷

সুৰাৰ বিপনী তথা বাৰ স্থাপন কৰা এলেকাসমূহ ব্যৱসায়ীক এলেকাৰ পৰিৱৰ্তে গ্ৰামঞ্চলক কিয় বাচি লোৱা হৈছে বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীয়ে৷ বিপণী সমূহত বিভিন্ন অচিনাকি সুৰাপায়ীৰ আগমনৰ ফলত নিৰাপত্তাজনিত সমস্যাৰ লগতে অঞ্চলটোৰ কণ-কণ শিশু তথা মহিলাসকল সুৰক্ষিত নহয় বুলিও সংগঠনসমূহৰ নেতৃত্বই অভিযোগ উত্থাপন কৰে৷

সীমান্তৱৰ্তী এলেকা মহিলা যুঁজাৰু মঞ্চৰ সভানেত্ৰী-সম্পাদিকা ক্ৰমে পূৰ্ণিমা বেইপী আৰু পূৰ্ণিমা ব'চাক, কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছিমিয়ন ৰংফাৰ, কেএনচিএৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপি আৰু এছৱাইচিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়ক লাইচন ইংলং স্বাক্ষৰিত এক স্মাৰকপত্ৰ বোকাজানৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্য চৰকাৰক প্ৰেৰণ কৰি বিপণী সমূহ শীঘ্ৰে সীমান্তৱৰ্তী অঞ্চলটোৰ পৰা স্থানান্তৰ কৰাৰ দাবী জনায়৷