চতিয়াঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

ৰাজ্যৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বুকুত প্ৰতিদিনে জাহ গৈছে কৃষিভূমি, ঘৰ-বাৰী৷ চতিয়াৰ দক্ষিণাঞ্চলতো চপৰা চপৰে মহাবাহু ব্ৰহ্মপুত্ৰই খহাইছে মাটি।

বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ বুকুত চতিয়াৰ বহু কেইখন গাঁও, মছজিদ, বিদ্যালয় আদি বিলীন হৈ গৈছে। কংগ্ৰেছ চৰকাৰৰ দিনত চতিয়াৰ দক্ষিণাঞ্চলৰ গৰাখহনীয়া ৰোধৰ বাবে ২৬ কোটি টকা আৱন্টন দিয়া হৈছিল৷

এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি ব্ৰহ্মপুত্ৰক প্ৰতিৰোধ কৰিবলৈ জিঅ’ বেগৰ কাম আজিও কৰি আহিছে যদিও সম্পূৰ্ণ নহ'ল৷ জিঅ বেগৰ বান্ধ ভাঙি ব্ৰহ্মপুত্ৰF নিজকে বিস্তাৰ কৰি গৈছে।

চতিয়াৰ ৰাইজে বৃহৎ পৰিমাণৰ ধন পানীত পৰাৰ উপক্ৰম হৈছে বুলি ক্ষোভ ব্যক্ত কৰে। চতিয়াৰ কলাকাটি গাঁওখনো তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে।

বিশ্বনাথ পাণপুৰ মথাউৰিৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত সৃষ্টি হোৱা এই খহনীয়াই বিশ্বনাথ, চতিয়া, জামগুৰিহাটলৈ বিপদ মাতিব পাৰে বুলি শংকিত হৈ পৰিছে ৰাইজ। স্থানীয় ৰাইজে ফ্লেক্সিটাপ আৰু এছ এম নামৰ প্ৰতিষ্ঠান দুটাই নিম্ন মানৰ কাম কৰি ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে।