খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে আজি অভিযান চলাই তিনিজনকৈ মোবাইল চোৰক আটক কৰিবলৈ সক্ষম হয়।

খাৰুপেটীয়াৰ খেতেশ্বৰ গাঁৱৰ তপচেৰ আলী, আৰফান আলী আৰু আলম উদ্দিন নামৰ চোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়৷

বহুদিনৰ পৰা বহু লোকৰ মোবাইল চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল যুৱক কেইজনে৷

যোৱা ২২ জুলাই তাৰিখে খাৰুপেটীয়াৰ অচিনতলাৰ মইনুল হক নামৰ লোকজনৰ মোবাইল চুৰি হোৱাত আজি মইনুলে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত উক্ত তিনিজন যুৱকক আটক কৰি থানালৈ আনে আৰক্ষীয়ে।

মইনুলৰ মোবাইলটো চিুৰি কৰা প্ৰকাশ কৰি এজন লোকৰ এচৰত বিক্ৰী কৰে যুৱক কেইজনে৷