ডিজিটেল ৰিপ'ৰ্টঃ এফালে বানত ককবকাই আছে ২৬খনকৈ জিলাৰ লক্ষ লক্ষ লোকে। আনফালে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰতিদিনে উত্থাপিত হৈ আহিছে কৰ্তব্যত গাফিলতিৰ অভিযোগ। ফলত একপ্ৰকাৰ হতাশ হৈ পৰিছে ৰাইজক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া নতুন চৰকাৰখনৰ মূৰব্বী সৰ্বানন্দ সোণোৱাল। 

এবছৰ পাৰ হৈ যোৱাৰ পিছতো ৰাইজৰ অভাৱ-অভিযোগসমূহ পূৰণ কৰিব নোৱৰাত বিষয়াসকলৰ ওপৰতে একপ্ৰকাৰ ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। সেয়ে জনতা ভৱনত বিশেষ বৈঠকৰ আহ্বান কৰি বিষয়া-কৰ্মচাৰীসকলক নিজৰ নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাক কামত লগাবলৈ নিৰ্দেশ দিয়ে অসন্তুষ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৈঠকত বানাক্ৰান্ত লোকসকলে বান সাহায্য পৰ্যাপ্ত পৰিমাণে নোপোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে উত্থাপন কৰি অহা অভিযোগকো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায় বিষয়-কৰ্মচাৰীসকলক উঠি-পৰি লাগিবলৈ নিৰ্দেশ দিয়ে। মুঠৰ ওপৰত সমগ্ৰ বৈঠকখনতে মুখ্যমন্ত্ৰীগৰাকীক একপ্ৰকাৰ অসহায় হৈ পৰা পৰিলক্ষিত হয়।

স্বয়ং মুখ্যমন্ত্ৰীয়েই যেতিয়া অসহায় তেন্তে প্ৰজাই কৰিব কি! সেয়ে বানপীড়িত অসহায় প্ৰজাই চৰকাৰ-প্ৰশাসনৰ সাহায্যলৈ বাট নাচাই এজাক বানত আভিজাত্য হেৰাই পেলোৱা গুৱাহাটী মহানগৰীত মানুহৰ ঘৰে ঘৰে বিচাৰি ফুৰিছে সাহায্য৷ কেউ-কিছু নোহোৱা বানাক্ৰান্ত বহু মহিলাই এনেদৰে মহানগৰীত সাহায্য বিচাৰিবলগীয়া হোৱা কাৰ্যই সাহায্য প্ৰদানত চৰকাৰ কিমান ব্যৰ্থ সেয়া স্পষ্ট হৈ পৰিছে। 

'বানপানীত আমাৰ সকলো গ’ল। এতিয়া জীয়াই থাকিবলৈ আমাক সহায় কৰক।’-এইদৰে চকুলো টুকি মহানগৰবাসীৰ ওচৰত সহায় ভিক্ষা মাগিছে বহু বানাক্ৰান্ত মহিলাই৷ বিশেষকৈ নগাঁও-মৰিগাঁও জিলাৰ বহু মহিলাই এতিয়া লাজ-মান কাটি কৰি মানুহৰ ঘৰে ঘৰে অসহায় হৈ সাহায্য বিচাৰিছে।

এই প্ৰতিবেদকে তেনে একাংশ মহিলাক চৰকাৰ থাকোতেই এনেদৰে মানুহৰ ঘৰে ঘৰে কিয় আহিবলগা হ’ল বুলি সোধাত ক্ষোভেৰে কয়, 'আশ্ৰয় শিবিৰত থকা কেইদিনহে চৰকাৰে এধানিমান চাউল-দাইল দিলে। এতিয়া দিয়া নাই। পানী অলপ শুকোৱাত আমাক ঘৰলৈ আহিবলৈ দিলে। আমি গুচি আহিলো। কিন্তু এতিয়া কৰিম কি? গাঁৱৰ কাৰো ওচৰত সহায় বিচাৰিব নোৱাৰো। সকলোৰে একেই অৱস্থা। আগতে ইঘৰ-সিঘৰত কাম-বন কৰি দুবেলা দুসাজৰ পইছা পাও। এতিয়া বানত ডুব যোৱা গাঁওখনত কাৰ ঘৰতনো কাম কৰিবলৈ যাম?’

অসহায় কণ্ঠেৰে বান বিধ্বস্ত লাহৰীঘাটৰ পৰা অহা মহিলাকেইগৰাকীয়ে আৰু কয়, 'আমি এনেকৈ মানুহৰ ওচৰত ছখতে হাত পাতিবলৈ অহা নাই অ’ বোপাই। উপায় নোহোৱাতহে এনেকৈ লাজ-মান কাতি কৰি আহিছো। ঘৰত কোনো মতা মানুহ নাই। যোৱাতো বানত ঢুকাল। হাতত এটকাও নাছিল। বাছত ভাৰা নিদিয়াকৈ কণ্ডাক্টৰক কাকুতি-মিনতি কৰি আহিছো। এতিয়া দুই-এজনে দুই-এপইছা দিছে। দুদিনলৈ চাউল-দাইলখিনি হ’ব।’ 

কেৱল ইমানেই নে? যোৱা ২২ জুলাইত বানত সৰ্বস্বান্ত হৈ আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে মৰিগাঁও জিলাত কুশল নাথ নামৰ এজন কৃষক৷ জিলাখনৰ বৰদোৱাটুপৰ অস্থায়ী বান শিবিৰত আছিল কুশল। ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চহৰীয়া নাথগাঁৱৰ কৃষকজনৰ ঘৰ-দুৱাৰকে আদি কৰি সমস্ত সা-সম্পত্তি জাহ গৈছিল খহনীয়াত৷ সকলো হেৰুৱাই ভৱিষ্যত অন্ধকাৰ দেখি চৰম সিদ্ধান্ত গ্ৰহণ কৰি যন্ত্ৰণাৰ পৃথিৱীৰ পৰা নীৰৱে আঁতৰি যায় দুৰ্ভগীয়া কৃষকজনে।

এই কৰুণ ঘটনাৰ এসপ্তাহ পাৰ নৌহওতেই পুনৰ আজি জিলাখনৰ ভূৰাগাঁৱত আন এজন কৃষকে আত্মহত্যা কৰে৷ আজিৰ পৰা ৩ বছৰ পূৰ্বে ঘৰ-মাটি খহনীয়াৰ বুকুত জাহ গৈছিল পাটেল চৌহান নামৰ দৰিদ্ৰ কৃষকজনৰ৷ তথাপিও হাৰ মনা নাছিল পাটেলে৷ অৱশেষত বাকী থকা সা-সম্পত্তিখিনিও এইবাৰৰ বানত জাহ যায়৷ নিজৰ সকলো নিঃশেষ হৈ পৰাত মানসিকভাৱে ভাগি পৰি আত্মহননৰ দৰে চৰম পন্থা বাচি লয় দুৰ্ভগীয়া কৃষকজনে৷

ইমানৰ পিছতো কেৱল বৈঠকৰ আয়োজন কৰিয়েই ৰাজ্যবাসীৰ হাতত পৰিৱৰ্তন আনি দিয়াৰ সপোন দেখিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে। পিছে এই পৰিৱৰ্তন ইমান দিনে অভিজ্ঞতাক কামত লগাবলৈ অনীহা প্ৰকাশ কৰি অহা বিষয়া-কৰ্মচাৰীসকলৰ জৰিয়তে চৰকাৰে অনাগত দিনসমূহত কিদৰে সম্ভৱ কৰি তোলে সেয়া সময়েহে ক’ব।

 • additional inputs from NNO barapujia •