
গুৱাহাটীঃ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত মঙলবাৰে অসম ৰাজ্যিত ডি ৱাই এফ আইয়ে গুৱাহাটীৰ মহানগৰীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷
টেট শিক্ষক, হাইস্কুল সমূহৰ ঠিকা ভিত্তিক শিক্ষক, কম্পিউটাৰ শিক্ষক, সংযোগী শিক্ষকে ধৰি সকলো ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শিক্ষক তথা শিক্ষকৰ পৰিয়ালক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
আনহাতে সংগঠনটোৱে বি এড তথা ডি এল এড শিক্ষা সম্প্ৰসাৰণৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিবলৈও দাবী জনোৱাৰ লগতে বি টি এডিৰ ছয়মহীয়া ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা আদায় দিয়া আৰু ভেঞ্চা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ কৰাৰ দাবী জনায়। সংগঠটোৰ প্ৰায় তিনি শতাধিক নেতা-কৰ্মীয়ে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ধৰ্মঘট কাৰ্যসুচী ৰূপায়ম কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷