Image for Representation
Image for Representation

তুলসীবাৰী/লালুকঃ বন্ধন বেংকৰ ধাৰ ক'ৰ পৰা মাৰিব কৃষক পৰিয়ালে৷ বন্ধন বেংকৰ পৰা সুতত টকা লৈ বিপদ পৰিছে গ্ৰাম্য অঞ্চলৰ লোক৷ সপ্তাহে সপ্তাহে কিস্তি দিবলগীয়া গাঁৱৰ প্ৰতিটো পৰিয়ালৰ চিন্তাত দিন পাৰ নোহোৱা হৈছে৷ বহু পৰিয়ালে পোহনীয়া জীৱ-জন্তু বিক্ৰী কৰি বেংকৰ কিস্তি দি আহিছিল যদিও বান, গৰাখহনীয়াৰ কবলত পৰি সকলো হেৰুৱাই হাজাৰ হাজাৰ পৰিয়ালে লঘোণে থাকিবলগীয়া হোৱাত বন্ধন বেংকৰ কিস্তি ক'ৰ পৰা দিব তাক লৈ চিন্তিত হৈ পৰিছে।

সাঁচতীয়া টকা উদং হোৱাৰ বাবে যোৱা এমাহে কিস্তি দিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বহু পৰিয়াল৷ বানৰ কবলত পৰি ককবকাই থকা লখিমপুৰ, মৰিগাঁও আদি জিলাৰ গৃহিণীয়ে পৰিশোধ কৰিব পৰা নাই বন্ধন বেংকৰ ঋণ৷ বন্ধন বেংকৰ পৰা টকা লৈ তাঁত শালৰ খুটা, পোহনীয়া জীৱ-জন্তু কিনি ব্যৱসায় কৰাৰ লগতে কৃষি কাৰ্যত ব্যৱহাৰ কৰিছিল যদিও তেনে বহু পৰিয়ালে এতিয়া বানৰ কবলত পৰি এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

► ক'লা ৰাজহাঁহ... কিয় ৰুদ্ৰসাগৰত নজ্বলে জুই?

তেওঁলোকৰ সকলো বানে ধুই নিয়াত হা-হুমনিয়া কাঢ়ি দিন পাৰ কৰিবলগীয়া হৈছে। ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হোৱাৰ লগতে ঘৰ-বাৰী, সা-সম্পত্তি বানে উটুৱাই নিয়ে৷ হাজাৰ হাজাৰ পৰিয়াল আশ্ৰয় শিবিৰৰ বাসিন্দা হ'ব লগা হয়৷ এসাজ খাবলৈ, পিন্ধিবলৈ নাই৷ পৰিয়ালসমূহে ল'ৰা-ছোৱালীৰ কথা ভাবিব ,নে বন্ধন বেংকৰ কিস্তিৰ কথা ভাবিব৷

ৰাজ্যত বন্ধন বেংকৰ কিস্তি এতিয়া আতংকৰ বিষয় হৈ পৰিছে৷ আনহাতে নামনি অসমত পানীৰ অভাৱত খেতি কৰিব পৰা নাই কৃষকে৷ নামনি অসমৰ কামৰূপ, বাক্সা আদি জিলাত পথাৰত চিৰাল ফাট মেলাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে৷ কামৰূপৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৈদ্যগড়, তৰণী, তুলসীবাৰী, কৰৰা গড়ভিতৰ, বালাগাঁওকে ধৰি কেইবাখনো গাঁৱৰ কৃষকে পথাৰত পানীৰ অভাৱত উপায়বিহীন হৈ পৰিছে।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ পাছতো একমাত্ৰ বৰষুণৰ পানীৰ ওপৰতে ভৰষা কৰি কৃষকে খেতি কৰিব লগীয়া হয়৷ বহু কৃষকে কঠিয়া তুলি সাজু কৰি ৰখাৰ লগতে মাটি চহাই সাজু কৰি ৰাখিছিল যদিও পানীৰ বাবে ভুই ৰুব পৰা নাই৷ কিছুদিন ধৰি অঞ্চলটোত বৃষ্টিপাত নোহোৱাৰ ফলতে এনে পৰিবেশৰ সৃষ্টি হয়৷

চৰকাৰে অঞ্চলটোত পৰ্যাপ্ত জলসিঞ্চন ব্যবস্থা গ্ৰহণ নকৰাৰ লগতে কোটি কোটি টকা আঁচনি ৰূপায়ণৰ নামত হৰলুকি কৰাৰ বাবদ কৃষকৰ হাড়ভগা পৰিশ্ৰম অথলে যোৱাৰ উপক্ৰম হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে কৃষকে৷ বন্ধন-ৰোহণ আদি বিত্তীয় প্ৰতিষ্ঠানৰ ঋণেৰে কৃষিকাৰ্য আৰম্ভ কৰা কৃষকে খেতি কৰিব নোৱাৰিলে বন্ধন-ৰোহণক টকা কেনেকৈ উভতাই দিব বুলি চিন্তিত হৈ পৰিছে৷