
নগৰবেৰা/বাৰপুজীয়াঃ বানৰ পানী শুকাইছে যদিও বানৰ পানীৰে পূৰ্ণ হৈ থকা দ’ পুখুৰী-খাৱৈ এতিয় কাল হৈছে শিশুৰ বাবে৷ আজি দিনটোৰ ভিতৰত এটি দুবছৰীয়া আৰু এটি চাৰিবছৰীয়া শিশুই বানৰ পানীত পৰি অকাল মৃত্যুক আকোৱালি লয়৷
বৰপেটা জিলাৰ আলোপতিচৰত ঘৰৰ ওচৰতে খেলি থকা অৱস্থাতে এগৰাকী শিশুৰ দ’ খাৱৈত পৰি সলিল সমাধি ঘটে৷ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতিচৰৰ খাটিয়ামাৰীৰ গাঁৱৰ চাহাব উদ্দিনৰ দুবছৰীয়া কন্যা ছামিয়া আখতাৰে আজি পুৱা প্ৰায় ৮ বজাত ঘৰৰ ওচৰতে খেলি আছিল৷
খেলি থাকোতেই হঠাৎ দ’ খাৱৈত পৰে শিশুটো৷ ওচৰত কোনো লোক নথকাত খাৱৈটোৰ পৰা উঠিব নোৱাৰি শিশুটোৰ মৃত্যু হয়৷ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি বহু সময়ৰ মূৰকত দ’ খাৱৈটোৰ পৰা মৃতদেহ উদ্ধাৰ কৰে।
আনহাতে বানৰ পানীত পৰি মৰিগাঁৱত এটি ৮ বছৰীয়া শিশুৱে মৃত্যুক আকোৱালি লয়৷ মৰিগাঁও জিলাৰ মনহা কাছবাৰীৰ অৰ্গ চিল নামৰ শিশুটোৱে পৰিয়ালৰ লোকে গম নোপোৱাকৈ ঘৰৰ বাহিৰলৈ ওলাই গৈ বাঢ়নী পানীত পৰি মৃত্যুক আকোৱালি লয়৷