জয়সাগৰঃ ৰাজ্যৰ শতকৰা ৭০ শতাংশ পৰিয়ালে খেতি-বাটি কৰি পৰিয়াল পোহ দি আহিছে৷ ৰাজ্যৰ খনৰ দৰিদ্ৰ কৃষকৰ পুতৌলগা ছবি খন সময়ে সময়ে কৃষকে কৰা আত্মাহত্যা যোগে প্ৰকাশ হৈ আহিছে৷ বানপানী গৰাখহনীয়া কবলত পৰি খেতিৰ মাটি, পথাৰৰ শস্য, পুখুৰীৰ মাছ আদি হেৰুৱাব লগা হয়৷ ধান খেতি, গৰু গাহৰি পুহি, পুখুৰীত মাছ এৰি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰে ৰাজ্যখনৰ খেতিয়কে৷

নিজৰ লৰা-ছোৱালীক খেতিৰ উপাৰ্জনৰ টকা কেইটাৰে পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব খোজো পৰিয়ালটোৰ সদস্য সকলৰ বেমাৰ-আজাৰ, লৰা-ছোৱালীৰ কিতাপ পত্ৰ, কাপোৰ-কানিৰ পৰা ভাত সাজলৈকে খেতিৰ উপাৰ্জনৰে চলে৷ তাৰ মাজতে ধান খেতিত কীট-পতংগৰ আক্ৰমণ, পুখুৰীত পোহা মাছৰ নানা ৰোগে আক্ৰমণ কৰাৰ ফলত ভাৰাক্ৰান্ত হয় দৰিদ্ৰ কৃষক সকল৷

দৰিদ্ৰ কৃষক সকলৰ বাবে ভাবিবলৈনো আছো কোন৷ চৰকাৰে বহু টকা কৃষকৰ হিতৰ বাবে মুকলি কৰে যদিও সেয়া আদবাটতে কাৰোবাৰ পেটত সোমায়৷ কপালৰ ঘাম মাটিত পেলাই কাম কৰা খেতিয়কে আজি বন্ধন বেংকৰ পৰা সুতত টকা লৈ পৰিয়াল চলাব লগত পৰিছে ৷ তাৰ মাজতে প্ৰশ্ন হয় মন্ত্ৰী-বিধায়ক তথা চৰকাৰে কৃষকৰ কথা ভাবেনে।

কৃষকক প্ৰয়োজনীয় সাৰ-বীজ, সা-সৰঞ্জাম দিয়েনে৷ শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত মীন বিভাগৰ কাৰ্যালয়ৰ চৌহদত পৰি থকা মাছৰ ৰোগ আৰু পানী পৰীক্ষা কৰা বাহন খন প্ৰত্যক্ষ কৰিলে প্ৰশ্নৰ উত্তৰ ওলায় পৰে৷ বছৰ বছৰ ধৰি বিভাগটোৱে খেতিয়কৰ পুখুৰীৰ মাছ তথা বিভাগৰ পুখুৰীৰ মাছ, পানী পৰীক্ষা কৰাৰ বাবে অতীব প্ৰয়োজন গাড়ী খন জৰাজীৰ্ণ হৈ পৰি আছে৷

শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া এই পাঁচখন জিলাৰ একমাত্ৰ পুখুৰীৰ পানী-মাছ পোহাৰ বাবে উপযুক্ত হয়নে নহয় তাৰ গুণাগুণ আৰু মাছৰ ৰোগ পৰীক্ষা কৰাৰ বাবে এই অত্যাধুনিক বাহন খন ব্যৱহাৰ কৰা হয়। মোবাইল বাহন খন বিভাগৰ কাৰ্যালয়ত ৰদ-বৰষুণৰ মাজত পৰি ৰৈছে৷ ১৯৯৮ চনৰ ১২ মাৰ্চত বিভাগটোৱে কৃষকৰ বাবে এই বাহন খন ক্ৰয় কৰিছিল৷

সেই সময়ত পাঁচ খন জিলাত ঘুৰি পকী বাহন খনেৰে মীন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মাছৰ ৰোগ আৰু পানী পৰীক্ষা কৰিছিল৷ এই বাহনখন ২০০৮ চনৰ ২৫ ফেব্ৰুৱাৰীলৈকে কাৰ্য্যক্ষম হৈ আছিল যদিও তাৰ পাছৰে পৰা মেৰামতিৰ অভাৱত পৰি ৰৈছে৷ স্থানীয় কেইবাগৰাকী সমাজ সচেতন লোকে পানী পৰীক্ষা তথা মাছৰ ৰোগ পৰীক্ষা কৰা বাহন খন পুনৰ কাৰ্য্যক্ষম কৰিবলৈ দাবী জনায়৷