নগাঁও টাউনঃ যিকোনো মুহূৰ্তত নৈত খহি পৰিব পাৰে এখন দলং৷ ৰাষ্ট্ৰীয় ঘাইপথত নৈৰ ওপৰত থকা দলং এখন বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত ক'ৰবাত ফাঁট মেলিছে, কৰবাত ওলাই গৈছে ৰড, আন ক'ৰবাত খহি পৰিছে খুঁটা।

বিপদসংকুলভাৱে এই দলংখনেৰে প্ৰতিদিনে সৰু-বৰ হাজাৰ হাজাৰ গাড়ী আহ-যাহ কৰে৷ উজনি আৰু নামনি অসমক সংযোগ কৰাত বিশেষ ভূমিকা পালন কৰা এই কংক্ৰিটৰ দলংখন আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।

দলংখন আছে নগাঁও জিলাৰ আমনি তথা মিছা অঞ্চলৰ দিজু নামৰ জুৰি এটাৰ ওপৰত। যিকোনো মুহূৰ্তত বিপদ ঘটাব পাৰে এই দলংখনে। দলংখনৰ দুয়োটা মূৰে মাটি খহি যোৱাৰ লগে লগে সোমাজত ফাট মেলি ৰড ওলাই পৰাত দলংখন জুৰিৰ বুকুত খহি পৰাৰ আশংকা ব্যক্ত কৰিছে আমনিৰ ৰাইজে।

স্থানীয় প্ৰসাশনে তথা ঘাইপথ প্ৰাধিকৰণে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এই দলংখনেৰে নিতৌ উজনি নামনিৰ বহু যান-বাহন বিপদসংকুল ভাবে মৰণত শৰণ দি আহ-যাহ কৰি আহিছে।

দলং খন শীঘ্ৰে মেৰামতি নকৰিলে যিকোনো মুহূৰ্তত বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে উজনি নামনিৰ সংযোগ বিচ্ছিন্ন হ’ব পাৰে বুলি স্থানীয় ৰাইজে মত ব্যক্ত কৰে।