
সৰভোগঃ চৰকাৰ গঠন কৰিয়ে সত্ৰৰ বেদখল উচ্ছেদ কৰি চমক সৃষ্টি কৰা ৰাজ্যৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰে হয়তো এতিয়া সত্ৰৰ কথা পাহৰি গ'ল৷ নিৰ্বাচনৰ সময়ত সত্ৰ সংৰক্ষণৰ শ্ল’গান দিয়া বিজেপি দলে অস্তিত্বৰ সংকটত পৰা বৰপেটা জিলাৰ বহু সত্ৰৰ কথা হয়তো অৱগত নহয়৷
দলটোৰ ৰাজ্যিক সভাপতিৰ গৃহ জিলাৰ পাঁচ খনকৈ সত্ৰৰ ইতিহাস বিলীন হ'ব ওলাইছে যদিও কান-সাৰ নাই ৰণজিৎ কুমাৰ দাসৰ৷ ৰাজ্যৰ দল-সংগঠনে সময়ে সময়ে সংস্কৃতিৰ বৰ-ঘৰ স্বৰূপ ঐতিহাসিক সত্ৰ সমূহ ৰক্ষণা বেক্ষণ দিবলৈ ৰাজ্য চৰাকৰক দাবী উত্থাপন কৰে যদিও চৰকাৰে এই দাবীক গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷
সত্ৰৰ বেদখল কৰা মাটি উচ্ছেদ কৰা, সংৰক্ষণ কৰা আদি দাবী উত্থাপন হয় যদিও কোনো দলৰ চৰকাৰে হাতে কামে লগা দেখা নাযায়৷ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু শিষ্য সকলৰ দ্বাৰা স্থাপন কৰা ঐতিহাসিক সত্ৰ সমূহ চৰম সংকটত পৰিছে বুলি অভিযোগ উত্থাপন হয়।
ইয়াৰ মাজতে বৰপেটা জিলাৰ ঐতিহাসিক বৰনগৰৰ ঘিলাজাৰী সত্ৰ, সৰভোগৰ মইনবড়ী সত্ৰ, চকাবাউসী সত্ৰ, ৰামপুৰ সত্ৰ আৰু গুৱাগাছা সত্ৰ প্ৰয়োজনীয় সুৰক্ষাৰ অভাৱত অস্তিত্বৰ সংকট পৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।
শংকৰদেৱ যুৱ মঞ্চৰ সাধাৰণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে শীঘ্ৰে এই সত্ৰ সমূহ চৰকাৰে সংৰক্ষণ তথা সংৰক্ষিত নকৰিলে অস্তিত্ব নাথাকিব বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মহাপুৰুষ শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰ আৰু হলিৰাম মহন্ত ঠাকুৰে ৰহা গাঁৱত স্থাপন কৰা ঘিলাজাৰী সত্ৰ খন প্ৰয়োজনীয় আন্তঃগাথনিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে।
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কোম্পানীয়ে ২০০৫ চনত সত্ৰখনৰ ভূমি অধিগ্ৰহণ কৰাত বৰ্তমান চকাবাউসী সত্ৰখন সত্ৰাধিকাৰ খগেন মহন্তৰ বাসগৃহত এখন টিনপাতৰ চালিৰ তলত অনাদৃত হৈ পৰি আছে। আনফালে বাঘবৰ সমষ্টিৰ মইনবড়ী সত্ৰ গৰাখহনীয়াৰ কবলত পৰি সৰভোগলৈ স্থনানিতৰিত কৰা সত্ৰখন চৰকাৰৰ চৰম অৱহেলাৰ বলি হৈছে।
ৰাজ্যৰ সত্ৰ উন্নয়নৰ ধাক ঢোল বজোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চকুত নপৰা মইনবড়ী সত্ৰখন ২০০৭ চনত তেতিয়াৰ ৰাজ্য চৰকাৰে ৯,১০,৬৭২ টকা চৰকাৰী অনুদান আগবঢ়াই পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল যদিও সম্প্ৰতি খহনীয়া বিধ্বস্ত সত্ৰখন অৰ্ধ নিৰ্মিত অৱস্থাত পৰি ৰৈছে।
সৰভোগৰ জোৱাহাৰ নৱদয় বিদ্যালয়ৰ সন্মুখত চৰকাৰে আৱন্টন দিয়া ভূমিত স্থাপন কৰা সত্ৰখন বৰ্তমান সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰীয়ে নিজৰ ব্যক্তিগত ধনেৰে নিৰ্মাণৰ কাম চলাই আছে। ইতিমধ্যে সত্ৰাধিকাৰ পৰিয়ালৰ ব্যক্তিগত প্ৰচেষ্টাত চাৰিসীমাৰ বেৰ, মনিকুট গৃহৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈছে যদিও চৰকাৰ তথা জিলা প্ৰশাসনে অদ্যাপি কোনো খবৰ লোৱা নাই বুলি সত্ৰ উন্নয়ন সমিতিয়ে অভিযোগ উত্থাপন কৰে।
একেদৰে সৰভোগৰ ৰামপুৰ সত্ৰ স্থানীয় ৰাইজে নিশাৰ ভিতৰতে ৰামপুৰ মন্দিৰ বুলি এখন চাইনবৰ্ড আৰি দি সত্ৰখনৰ অস্তিত্ব বিলীন কৰি পেলাইছে। সম্প্ৰতি সত্ৰখনৰ নামত থকা প্ৰায় এশ বিঘা ভূমি বেদখল কৰিছে একাংশ লোকে।
আনফালে ইতিহাস প্ৰসিদ্ধ গুৱাগাছা সত্ৰৰো প্ৰয়োজনীয় সুৰক্ষা তথা সংৰক্ষণৰ অভাৱত ক্ৰমান্বয়ে ধ্বংস দিশে গতি কৰিছে। ৰাজ্যৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বৰনগৰৰ উক্ত ঐতিহাসিক সত্ৰ সমূহ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে। শংকৰদেৱ যুৱ মঞ্চৰ সাধাৰণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে সত্ৰ সমূহ সংৰক্ষণ তথা সুৰক্ষিত কৰিবলৈ দাবী জনায়।