কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ অলিয়ে গলিয়ে পঞ্জীয়নবিহীনভাৱে দপদপাই ঘূৰি ফুৰা ই ৰিক্সাসমুহ আজি কোকৰাঝাৰ ট্ৰেফিক আৰক্ষীয়ে পৰিবহন বিভাগৰ সহযোগত জব্দ কৰি জৰিমনা বিহি। কোকৰাঝাৰ সদৰ চহৰত চলাচল কৰা ই ৰিক্সা সমূহ পঞ্জীয়ন কৰিবলৈ জিলা পৰিবহন বিভাগে কেইবাবাৰো নিৰ্দেশ জাৰি কৰাৰ পিছতো চহৰখনত দ্ৰুতগতিত বৃদ্ধি হৈ থকা ই ৰিক্সা সমূহ পঞ্জীয়ন নকৰাত আজি পুৱাৰে পৰা ই-ৰিক্সাসমুহ জব্দ কৰিবলৈ আৰক্ষীয়ে চহৰখনৰ ঠায়ে ঠায়ে বাহৰ পাতে৷

আৰক্ষীৰ অভিযানৰ উমান পোৱাৰ লগে লগেই মুহুৰ্ততে বহু ই ৰিক্সা চহৰখনৰ পৰা অন্তৰ্ধান হয়৷ অৱশ্যে ইয়াৰ মাজতে আৰক্ষীয়ে চহৰখনৰ পৰা ৪০ খনকৈ ই ৰিক্সা জব্দ কৰি থানালৈ লৈ আহে৷ পৰিবহন বিভাগৰ সহযোগত জব্দকৃত ই- ৰিক্সা সমূহৰ চালক সকলৰ পৰা ২০০০ টকাকৈ জৰিমনা বিহে ৷

উল্লেখ্য যে কোকৰাঝাৰ চহৰত দ্ৰুতগতিত বৃদ্ধি পোৱা ই ৰিক্সা সমূহৰ পঞ্জীয়ন কৰোৱাৰ বাবে কোকৰাঝাৰ জিলা পৰিবহন বিভাগৰ বিষয়া লীলাধৰ ঠাকুাীয়াই কেইবাবাৰো জাননি দিছিল যদিও তৎসত্বেও কোকৰাঝাৰ পৰিবহন বিভাগৰ জাননীক ভ্ৰক্ষেপ নকৰি চহৰখনত পঞ্জীয়নবিহীন ভাৱে ই ৰিক্সাৰ চলাচল অব্যাহত আছিল৷

সেয়ে আজি জিলা পৰিবহন বিষয়াৰ নিৰ্দেশতে আৰক্ষীয়ে চহৰখনৰ পৰা ৪০ খনকৈ ই ৰিক্সা জব্দ কৰে আৰু জব্দকৃত ই ৰিক্সা সমূহৰ চালক সকলৰ পৰা ২০০০ টকাকৈ জৰিমনা বিহে ৷ ইপিনে জিলা পৰিবহন বিভাগে পুণৰাই অহা তিনি আগষ্টৰ ভিতৰত  ই ৰিক্সা সমূহৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ দিছে ৷ অন্যথা আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা লোৱা হ'ব বুলিও সকিয়াই দিছে পৰিবহন বিভাগে৷