
খেৰণি/কাজলগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বিদ্যুতপৃষ্ঠ হৈ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে দুটাকৈ এনে ঘটনা সংঘটিত হৈছে৷ প্ৰথমটো ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেং থানা অন্তৰ্গত উমখ্ৰেমিত৷ বিদ্যুতে প্ৰাণ ল’লে নৱ বিবাহিত এহাল দম্পত্তিৰ৷
ঘটনাৰ বিৱৰণী মতে, আজি পুৱাৰ ভাগত নৱ বিবাহিত দম্পত্তি হলিনছন ইংলেং (২৫) আৰু মনিকা চিংথংপিয়ে (২০) নিজৰ বাসগৃহ উমখ্ৰেমিৰ পৰা মাকৈলুমৰ উমচফ’ নৈ পাৰত থকা ঝুম খেতিলৈ বুলি যায়৷ কিন্তু দম্পত্তিহালে মাকৈলুম-জেৰিকিন্দেং গঢ়কাপ্তানি পথৰ পৰা নামি ঝুম খেতিলৈ বুলি কিছু দুৰ যোৱাৰ পাছতে মাটিত চিঙি পৰি থকা বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি দুয়োয়ে অকাল মৃত্যুক আকোৱালি লয়৷
ঘটনাৰ কিছু সময়ৰ পাছতে উক্ত পথেৰে ঝুম খেতিলৈ বুলি যোৱা এগৰাকী যুৱকে দম্পতীহালক পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে৷ ইয়াৰ পাছতেই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে মৃত অৱস্থাত উদ্ধাৰ কৰে৷
উল্লেখ্য যে ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় যদিও বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ৷ আনকি ৰাইজে এইবুলিও অভিযোগ কৰে যে প্ৰায় ১৫-২০ দিনৰ পৰা উল্লেখিত অঞ্চলৰ ৰাইজে অঞ্চলটোত বিদ্যুতৰ মুখ দেখিবলৈ পোৱা নাছিল৷
কিন্তু বুধবাৰৰে পৰা অঞ্চলটোত বিদ্যুৎ যোগান দিবলৈ চেষ্টা কৰা বিভাগটোৱে কৰ্মৰ গাফিলতি আৰু অমনোযোগিতাৰ বাবে শোকাৱহ ঘটনা ঘটিবলৈ পালে বুলি মন্তব্য কৰে ৰাইজে৷ মুঠতে বিদ্যুৎ বিভাগৰ নিৰীক্ষণ আৰু চোৱা-চিতাৰ অভাৱৰ ফলতে এনেদৰে কেৱল এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা দাম্পত্তিহালে অকাল আৰু কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল বুলি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অভিযোগ তোলে ৰাইজে৷
উক্ত খবৰ লাভ কৰিয়েই কাৰ্বি পৰিষদীয় ৯ নং আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰীণা টেৰাংপিয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু উক্ত ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে৷ লগতে ভুক্তভোগী পৰিয়ালটোলৈ আৰ্থিক সাহায্যও প্ৰদান কৰে টেৰাংপিয়ে৷ উল্লেখ্য যে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলজুৰি শোঁকৰ ছাঁ পেলায়৷
একেদৰে কাজলগাঁৱত বিদ্যুত পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি এজন যুৱকৰ মৃত্যু হয়। চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ বিজয়গাঁৱৰ মালিপাৰাত সংঘটিত হয় এই ঘটনা। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰৰ সংস্পৰ্শত যুৱকজনৰ থিতাতে মৃত্যু ঘটে।
মৃত যুৱকজনক বাসুগাঁও ভুটিয়াপাৰাৰ ৰমজান আলীৰ একমাত্ৰ পুত্ৰ ছাহেৱ আলী (২২) বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত বাসুগাঁও চহৰৰ পৰা অতিৰিক্ত বাঁহ ভৰ্তি ট্ৰাক এখন বিজয়গাঁৱৰ মালিপাৰাৰ পথেৰে উচ্চ ক্ষমতাসম্পন্ন ১১ কে ভি বিদ্যুতৰ তাঁৰৰ তলেদি পাৰ কৰাবলৈ চেষ্টা কৰোঁতেই শ্বৰ্ট-ছাৰ্কিট হৈ তাঁৰ ছিগি ট্ৰাকখনত কাম কৰা শ্ৰমিক ছাহেৱ আলীৰ গাৰ ওপৰত পৰি যায় আৰু উক্ত সময়তে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
পাছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। এই ঘটনাৰ পিছত উক্ত অঞ্চলৰ বহু লোকৰ ঘৰৰ বৈদ্যুতিক সা-সামগ্ৰী নষ্ট হৈ যায় আৰু এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বিদ্যুত বিভাগে অৱশ্যে বিদ্যুতৰ সংযোগ কৰ্ত্তন কৰি দিয়ে।