
চাপৰঃ এটা চৰকাৰী বেংক। এবাৰ-দুবাৰ নহয় মুঠ ৯ বাৰকৈ ডকাইতি সংঘটিত হল এই বেংকটোত। চোৰ-ডকাইতৰ কাৰণে যেন সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে এই বেংকটো।
চোৰে ভালপোৱা এই বেংকটো হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা।
এই শাখাটোত সৰ্ব্বমুঠ ৯ বাৰকৈ চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশাও বেংকটোৰ খিৰিকীৰ গ্ৰীল ভাঙি লুটি নিলে বহু তথ্য সম্বলিত ৪ টাকৈ কম্পিউটাৰ। চোৰে বেংকৰ ভিতৰত বহি বিড়ি খাই খাই নিৰ্ভয়ে কৰিলে চুৰি কাৰ্য্য। ইপিনে, গডৰেজ এটাও চোৰে ভাঙে যদিও একো নিব পৰা নাই বুলি দাবী কৰিছে বেংক কৰ্তৃপক্ষই।
উল্লেখ্য যে, অসম গ্ৰামীণ বিকাশ বেংকৰ বহলপুৰ শাখাটো বিগত বৰ্ষৰ ২১ নৱেম্বৰত ডকাইতিৰ ঘটনা সংঘটিত হৈছিল। ডকাইতে লুটি নিছিল ১ কোটি ৮৪ লাখকৈ টকা।
কিন্তু বেংক কৰ্তৃপক্ষই আজি পৰ্যন্ত নৈশ চকীদাৰ, বাদেই চি চি টি ভি কেমেৰা এটাও সংস্থাপন নকৰিলে। ফলত বাৰম্বাৰ অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে বুলি ৰাইজে অভিযোগ কৰিছে।