
জলেশ্বৰঃ দেশৰ কেইবাখনো ৰাজ্যৰ কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মুল্য আৰু ঋণ মাফ কৰাৰ দাবীত নেৰানেপেৰা আন্দোলন কৰি আহিছে৷ কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আদি ৰাজ্যৰ কৃষকে দিল্লীলৈ আহি নাভূত-নাশ্ৰুত ভংগীমাৰে প্ৰতিবাদ সাব্যস্ত কৰি উৎপাদিত সামগ্ৰীৰ উচিত মূল্য আৰু বেংকৰ পৰা লোৱা ঋণ ৰেহাইৰ দাবী জনাই আহিছে যদিও দেশৰ চৰকাৰে কৃষকৰ দাবীক গুৰুত্ব নিদিয়াৰ ফলত প্ৰতিদিনে কৃষকে আত্মহত্যা কৰি আহিছে৷
এইবাৰ অসমত কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা সামগ্ৰীৰ উচিত মূল্য নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাজ্যৰ কৃষকৰ মূৰত ৰাজ্য চৰকাৰে ৰামটোঙোন শোধোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
গোৱালপাৰাৰ জিলাৰ কৃষকে মৰাপাটৰ উচিত মূল্য নোপোৱাত হাহাকাৰ কৰিব লগা হৈছে ৷ জিলাখনৰ কৃষকে বানত ডুব গৈ থকা পথাৰৰ পৰা মৰাপাট কাটি বজাৰলৈ নি মূৰে-কপালে হাত দিব লগা হৈছে৷ বানত সৰ্বস্বান্ত হোৱা কৃষকে কুইন্টলে প্ৰতি মাথো ৩০০০ টকাত গতাব লগা হৈছে মৰাপাট৷
ধাৰ-ঋণ লৈ কঠোৰ পৰিশ্ৰমেৰে মৰাপাট খেতি কৰি উচিত মূল্য নোপোৱাত ক্ষোভিত হৈ পৰিছে কৃষকসকল ৷ জিলাখনৰ লক্ষীপুৰ, চুনাৰী, আমবাৰী, জলেশ্বৰ খলিচাভিটা, ৰাজমিতা, গৌৰনগৰ আদি অঞ্চলৰ কৃষকৰ প্ৰতি কুইন্টল মৰাপাট উৎপাদনত খৰছ হয় ৩৫০০ টকা৷
কিন্তু তাৰ বিপৰীতে এতিয়া লাভৰ মুখ দেখাটো দূৰৈৰ কথা প্ৰতি কুইন্টল মৰাপাট মাত্ৰ ৩০০০ টকাত বিক্ৰী কৰিবলগীয়া হৈছে ৷ জিলাখনত একাংশ মধ্যভোগী দালালে কৃষকক প্ৰবঞ্চনা কৰি নিম্ন মূল্যত মৰাপাট ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
জিলাখনত চৰকাৰে মৰাপাট ক্ৰয় নকৰাত একপ্ৰকাৰ মূৰে-কপালে হাত দিছে কৃষকে৷ এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা লোৱাৰ লগতে ৰাজ্য চৰকাৰক উচিত মূল্যত মৰাপাট কিনিবলৈ দাবী জনাইছে কৃষকে৷