চাওতে চাওতে 'নিউজ নেক্সট ৱান'-এ পাৰ কৰিলে ৬ মাহ। দীঘলীয়া সময় নহয় যদিও এই ৬ মাহ খুব কম সময়ো নহয়। এই ৬ মাহত 'নিউজ নেক্সট ৱানে' অসমবাসীৰ পৰা যি ধৰণৰ সঁহাৰি লাভ কৰিছে সেয়া আমাৰ বাবে যথেষ্ট আশাব্যঞ্জক। বিভিন্ন কাৰণত ৰাইজে বিচৰা ধৰণে প্ৰতিটো খবৰ দিব পৰা হৈ উঠা নাই যদিও যিমান সম্ভৱ সিমান দিবলৈ চেষ্টা অব্যাহত আছে। খবৰ দিয়াতেই আমাৰ দায়িত্ব শেষ নহয় যদিও প্ৰাৰম্ভিক অৱস্থাত আমি কেৱল খবৰ দিয়াতেই সীমাৱদ্ধ থাকিবলগীয়া হৈছে।

হয়তো অনাগত দিনসমূহত অসমবাসীৰ মৰম আৰু সঁহাৰিয়ে বাকী থকা দায়িত্বসমূহ পালন কৰিবলৈকো আমাক উদ্বুদ্ধ কৰি তুলিব। মানুহ ভেদে বা-বাতৰিক লৈ ৰুচি ভেদ বেলেগ বেলেগ। সেয়ে প্ৰতিজন মানুহেই বিচৰা ধৰণেই বাতৰি প্ৰকাশ কৰাতো অসম্ভৱ। ক’বলৈ গ’লে মানুহে বিচৰা ধৰণে বাতৰি দিবলৈ যোৱাটোৱেই অযুক্তিকৰ। সমাজত সংঘটিত প্ৰতিটো ঘটনা, ঘটনাৰ আঁৰৰ ঘটনা, সমাজত কোনো এটা বিষয়ক লৈ চলা চৰ্চা, গুজৱ আদি মানুহে বিচৰা-নিবিচৰাক বাদ দি সংবাদ মাধ্যমে প্ৰকাশ কৰিবই লাগিব। কিয়নো লক্ষ লক্ষ মানুহৰ কাৰ বাবে কোনটো বাতৰি প্ৰয়োজনীয় সেয়া বাতৰি যোগনীয়াৰসকলৰ পক্ষে জনাতো অসম্ভৱ। 

অসমত নিউজ পৰ্টেলৰ ধাৰণাটো বিশেষকৈ অসমীয়া ভাষাৰ নিউজ পৰ্টেলৰ ধাৰণাটো বেছি দিনৰ নহয়। সেয়ে 'নিউজ নেক্সট ৱানে' এই ৬ মাহত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়া লাগিলে আৰ্থিকেই হওক নতুবা বা-বাতৰি সংক্ৰান্তই হওক নতুবা সাংবাদিক-সংবাদ কৰ্মীৰ ক্ষেত্ৰতেই নহওক কিয়।

নিউজ পৰ্টেলৰ ক্ষেত্ৰত আটাইতকৈ সুবিধাজনক আৰু সন্তুষ্টিৰ কথাটো হ’ল আমি পোনপটীয়াকৈ পঢ়ুৱৈৰ সৈতে সংযুক্ত হৈ থাকো যিটো এখন বাতৰি কাকত বা এটা টিভি চেনেলৰ ক্ষেত্ৰত সম্ভৱ নহয়।অৱশ্যে চালুকীয়া অৱস্থাত ইয়াৰ পৰা সুবিধা আৰু অসুবিধা দুয়োটাই হয়। অসুবিধাতকৈ সুবিধাই বেছি। অসুবিধা বুলিবলৈ এটাই আছে সেয়া হৈছে হকে-বিহকে সমালোচনা।

সঠিক দিশত আগবাঢ়িবলৈ হ’লে সমালোচনা  অপৰিহাৰ্য। কিন্তু হকে-বিহকে কৰা সমালোচনাই এটা ভাল কামক ধ্বংসৰ গৰাহত পেলাব পাৰে। বিশেষকৈ সংবাদ মাধ্যমক অনবৰত গালি-গালাজ কৰি থকাতো বৰ্তমান এচাম লোকৰ অভ্যাসত পৰিণত হোৱা দেখা গৈছে। এনে লোকসকলে নিজৰ ৰুচিৰ বিপৰীত বাতৰি এটা প্ৰকাশ পোৱা দেখিলেই আগ-পিছ নুগুণি টিঙৰি তুলা হৈ নিজৰ খং জাহিৰ কৰে। ফলত হিতে বিপৰীত হৈ পৰে।

বহুতেই সুধিছে 'নিউজ নেক্সট ৱানে' কি ধৰণৰ বা-বাতৰিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত এটা কথাই ক’ব পাৰি যে 'নিউজ নেক্সট ৱানে' কোনো বিশেষ বাতৰিক গুৰুত্ব নিদিয়ে। 'নিউজ নেক্সট ৱানে’ বিশ্বাস কৰে যে সংবাদ মাধ্যম হৈছে সমাজৰ দাপোণ স্বৰূপ। সমাজত ভাল-বেয়া যি ঘটিব সেয়া দাপোণৰূপী সংবাদ মাধ্যমত প্ৰতিফলিত হোৱাটোৱেই স্বাভাৱিক। কমেণ্ট বক্সত বহুতেই ধৰ্ষণৰ বাতৰি বেছি হৈছে বুলিও প্ৰশ্ন কৰা দেখা গৈছে। এই প্ৰশ্ন খুবেই হাস্যকৰ। কিয়নো সমাজত, ৰাজ্যত বা দেশত যেতিয়া ধৰ্ষণৰ ঘটনা প্ৰতিনিয়ত ঘটিব তেন্তে তেনে ঘটনাৰ বাতৰি কেৱল 'নিউজ নেক্সট ৱান' বা অসমৰ সংবাদ মাধ্যমতেই নহয়, বিবিচি, ৱাশ্বিংটন পোষ্টটো সম্প্ৰচাৰিত হ’বই। 

বহু পঢ়ুৱৈয়ে আকৌ প্ৰতিটো বাতৰিতেই সামাজিক দায়ৱদ্ধতা বিচাৰে। তেনে বাতৰিও মিনিটে মিনিটে বা ঘণ্টাই ঘণ্টাই দি থকা সম্ভৱ নহয়। বাতৰি কেতিয়াবা মনোৰঞ্জনমূলকো হ’ব পাৰে। বাতৰি এটা কেতিয়াবা কেৱল বাতৰি হ’ব পাৰে। তাত কোনো সমাজিক দায়ৱদ্ধতাৰ কথা নাথাকিবও পাৰে। কিয়নো একাংশ অতি ছিৰিয়াছ পঢুৱৈয়ে বিচৰাৰ দৰে মিনিটে মিনিটে সামাজিক দায়ৱদ্ধতা থকা বাতৰি প্ৰচাৰ কৰাতো কোনো সংবাদ প্ৰতিষ্ঠানৰ পক্ষেই সম্ভৱ নহয়।

এইখিনিতে আৰু এটা কথা আহি পৰে। সেয়া হৈছে পক্ষ। সম্প্ৰতি ৰাজনীতিৰ হাতোৰাত অধিকাংশ সংবাদ প্ৰতিষ্ঠান বন্দী হৈ পৰাৰ সময়তে এয়া এক বিশেষ প্ৰশ্ন। এই প্ৰশ্নৰ সৈতে অধিকাংশ সংবাদ প্ৰতিষ্ঠানৰ অস্তিত্বৰ কথাটোও জড়িত হৈ আছে। তাৰ মাজতে সোঁতৰ বিপৰীতে যাবলৈ চেষ্টা অব্যাহত ৰাখিছে নিউজ নেক্সট ৱানে। সময়ৰ জোখাৰে ৬ মাহ অতি চমু হ’লেও 'নিউজ নেক্সট ৱানে' এটা কথা স্পষ্ট কৈ ক’ব পাৰে যে 'নিউজ নেক্সট ৱান' কোনো বিশেষ ৰাজনৈতিক আদৰ্শৰ পক্ষত নাই। তাৰ অৰ্থ এয়া নহয় যে নিউজ নেক্সট ৱান নিৰপেক্ষ। নিউজ নেক্সট ৱানৰো আছে পক্ষ। আৰু এয়া হৈছে ৰাইজৰ পক্ষ। ৰাইজৰ হৈ মাত মাতি যাবলৈ প্ৰতিটো মুহূৰ্ততে দায়ৱদ্ধ 'নিউজ নেক্সট ৱান’।

ভুল-শুদ্ধৰ মাজেৰেই 'নিউজ নেক্সট ৱানে' অসমবাসীৰ মৰম আৰু সঁহাৰিত ৬ মাহ পাৰ কৰিলে। বহু উত্থান-পতনৰ মাজেৰে 'নিউজ নেক্সট ৱানে' বিচাৰি যাবলৈ আছে আৰু হেজাৰ সুৰুযৰ বাট। বিগত ৬ টা মাহৰ দৰে অনাগত দিনতো প্ৰতিজন ভিউৱাৰ্ছৰ হাতত হাত ধৰি ভাল-বেয়া প্ৰতিটো খবৰৰ সন্ধানত যাত্ৰা অব্যাহত ৰাখিব 'নিউজ নেক্সট ৱান'-এ।