নগাঁও টাউনঃ নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সমীপত গঢ়ি উঠা একাংশ ফাৰ্মাচীৰ কৰ্ম-কাণ্ডই অঞ্চলটোৰ ৰাইজক অতিষ্ঠ কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। চহৰখনৰ মাজ-মজিয়াতে থকা অসামৰিক চিকিৎসালয়খনৰ সমীপৰ একাংশ ফাৰ্মাচীয়ে দীৰ্ঘদিন ধৰি নিচাযুক্ত ঔষধৰ অবৈধ ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, দিন দুপৰতে নিচাসক্ত যুৱকৰ ভিৰ পৰিলক্ষিত হয় এই ফাৰ্মাচীকেইখনত। পথৰে আহ-যাহ কৰা যুৱতী-মহিলাৰ উপৰিও চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলেও বিভিন্ন সমস্যাৰ সন্মুখীন হয় নিচাসক্ত যুৱকসকলৰ পৰা। 

উল্লেখ্য যে, এই ফাৰ্মাচীসমূহৰ অধিকাংশতে নাই অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্ট। আনকি ফাৰ্মাচী কেইখনৰ অনুজ্ঞাপত্ৰক লৈও সন্দেহৰ আঙুলি টোৱাইছে একাংশই। 

কেৱল নিচাযুক্ত ঔষধেই নহয়, গৰ্ভপাতকলৈও ৰমৰমীয়া ব্যৱসায় চলাই গৈছে চহৰখনৰ এই অঞ্চলটোৰ কেবাখনো ফাৰ্মাচীয়ে। এক সূত্ৰই জনোৱা মতে, ইয়াৰে জনৈক আলী নামৰ লোকজনে নিজ ফাৰ্মাচীত দীৰ্ঘদিনৰ পৰা একাংশ স্ত্ৰী ৰোগ বিশেষজ্ঞ আৰু মহিলা দালালৰ দ্বাৰা ধনৰ লালসাত   অবৈধভাৱে  গৰ্ভপাত কৰাই আহিছে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত স্বাস্থ্য বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক জ্ঞাত যদিও ৰহস্যজনক কাৰনত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। বিভিন্ন সময়ত আলী উপাধিৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰীজনক ৰাইজে এই লৈ আপত্তি দৰ্শাই আহিছে যদিও অালীয়ে এনেবোৰ কথাক  
লৈ কোনো গুৰুত্বই নিদিয়ে বুলি স্থানীয় সচেতন লোকসকলে জানিবলৈ দিছে।

ফাৰ্মাচীকেিখনৰ এনে অসামাজিক আৰু নীতি-বৰ্হিভূত কাৰ্য-কলাপে ঠাইখনৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে যুৱ-প্ৰজন্মৰ মাজত নিচাযুক্ত ঔষধ সহজলভ্য হৈ পৰাত স্থানীয় ৰাইজ উদ্বিগ্ন হৈ পৰিছে। সেয়ে শীঘ্ৰে ৰাইজে নগাওঁ প্ৰশাসনক উক্ত ফাৰ্মাচীকেইখনৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাৰ লগতে উত্থাপিত অভিযোগৰ সত্যাসত্য বিচাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।