
নাহৰকটীয়াঃ "আগৰ বিধায়িকা বাইদেউ আমাৰ ফালে অহাই নাছিল৷ এইবাৰৰ বিধায়ক ছাৰ আমাৰ ফালে বহু বাৰ আহিছে আৰু গৈছে ৷ কিন্তু কাম কৰা নাই৷ আমাৰ চৈয়াং পথটোৰে আহে বিধায়ক ছাৰ৷ দামী গাড়ীৰ ভিতৰত থাকে বাবে গম নাপায় চাগে পথটোৰ অৱস্থা৷"-নাহৰকটীয়া সমষ্টিৰ মেৰবিল গাঁও পঞ্চায়তৰ অৰ্ন্তগত দিহিং নদীৰ সমীপৱৰ্তী কেইবাখনো গাঁৱৰ লোকে এনেদৰে ক্ষোভ প্ৰকাশ কৰে৷
পূৰ্বৰ কংগ্ৰেছৰ বিধায়িকা তথা মন্ত্ৰী প্ৰণতি ফুকনে দিহিং নৈৰ সমীপৱৰ্তী গাঁওসমূহক গুৰুত্ব আৰোপ নকৰাৰ লগতে ঘূৰিও নাচাইছিল বুলিও অভিযোগ কৰে ক্ষুব্ধ ৰাইজে৷ আনহাতে বৰ্তমানৰ অগপৰ বিধায়ক নৰেণ সোণোৱালে প্ৰায়ে অঞ্চলটোলৈ অহা যোৱা কৰে যদিও বাট-পথ মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷
দিহিং নৈৰ সমীপৱৰ্তী কেইবাখনো গাঁৱলৈ আহ-যাহৰ একমাত্ৰ পথ চৈয়াং অালি। বহু বছৰ ধৰি পথটো মেৰামতি নকৰাত যাতায়াতৰ বাবে অনুপযুক্ত হৈ পৰিছে। পথটোত গাড়ী-মটৰ দূৰৈৰ কথা খোজকাঢ়ি যােৱাতো অসম্ভৱ হৈ পৰিছে। পথটোৰ কিছু অংশত বৃহৎ গাত হৈ যোৱাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
পথটো নিৰ্মাণৰ বাবে ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰাত জোখ-মাপ কৰি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰ্নিমাণৰ অাশ্বাস দিয়াৰ পাছতো নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। বিভাগীয় কৰ্তৃপক্ষই চৰম অৱহেলা কৰাৰ ফলতে এনে হ'বলৈ পালে বুলি অভিযোগ উঠিছে।
চৰকাৰে পঞ্চায়তৰ জৰিয়তে বহুতো কাম কৰা বুলি উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে যদিও পথটো কাৰোৰে চকুত নপৰে বুলি ক্ষোভ ব্যক্ত কৰে ৰাইজে। স্থানীয় বিধায়কে সভা-সমিতিয়ে প্ৰতিশ্ৰুতি দিয়ে যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈ আহিছে বুলিও ক্ষোভ উজাৰিছে গাঁওবাসীয়ে।