
তেজপুৰঃ জনজাতিকৰণ আৰু সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ২৭ বছৰীয়া হ’ল৷ আক্ৰাছুৰ ২৭ সংখ্যাক প্ৰতিষ্ঠা দিৱস আজি উষা নগৰী তেজপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয়৷ দিনজোৰা কাৰ্য্যসূচীৰে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ সভা কক্ষত প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে সংগঠনটোৱে পালন কৰে।
পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে শুভৰাম্ভ কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ৷ দুপৰীয়া কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱ কুমাৰ শইকীয়া, সংগঠনটোৰ নেতা কমল বৰ্মন, প্ৰদীপ নাগ, গৌৰাঙ্গ ৰায় আৰু খৰ্গেশ্বৰ কোচ।
মুকলি সভাত কেইবাগৰাকী বক্তাই ৰাজ্য আৰু কেন্দ্ৰত চৰকাৰ চলাই থকা বিজেপি দলে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰৱঞ্চনা কৰা কৰা বুলি অভিযোগ কৰে৷ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰতি দি এতিয়া গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ চৰকাৰৰ এই বঞ্চনাৰ বিৰুদ্ধে কোচ ৰাজবংশী দল-সংগঠনক একত্ৰিত হৈ কাম কৰাৰ আহ্বান জনায় বক্তাসকলে৷