ছিপাঝাৰঃ প্ৰব্ৰজন বিৰোধী ঐক্য মঞ্চই আজি  ছিপাঝাৰৰ নাৰিকলিত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ঘন্টা ধৰি অৱৰোধ কৰে। 

ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কুৰুৱাৰ পৰা ধলপুৰলৈ সমগ্ৰ চৰ অঞ্চলৰ ৭৭হাজাৰ ৪২০ বিঘা মাটি সন্দেহযুক্ত বাংলাদেশী লোকৰ পৰা বেদখল মুক্ত কৰাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। 

সমষ্টিটোৰ অন্তৰ্গত  ফুহুৰাতলীৰ ধান বজাৰ, মিলন বজাৰ আদি অঞ্চলত চৰকাৰী ভূমি বেদখল মুক্ত কৰিবৰ বাবে বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছিল যদিও প্ৰশাসনে ২০১৬ চনৰ ২১ ডিচেম্বৰত মাত্ৰ ১০০০ বিঘা ভূমি বেদখল মুক্ত কৰিয়েই দায়িত্ব সামৰে।

বাকীখিনি এমাহৰ ভিতৰত বেদখল মুক্ত কৰিব বুলি আশ্বাস দিছিল যদিও আজিলৈ বেদখল মুক্ত নকৰিলে চৰকাৰে। সেয়েহে আজি বিভিন্ন দল সংগঠন মিলিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অসম চৰকাৰ তথা প্ৰশাসনক বাকী থকা ভূমিখিনিও ১৫ দিনৰ  ভিতৰত বেদখলমুক্ত কৰিবলৈ দাবী জনায়।

অন্যথা চৰকাৰে যদি উক্ত সময়সীমাৰ ভিতৰত ভূমিখিনি বেদখল মুক্ত নকৰে তেনেহ'লে ৰাইজেই বেদখলমুক্তকৰণৰ দৰে কায্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ৷