গোৰেশ্বৰঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কামৰূপ জিলা কমিটিৰ উদ্যোগত বাগসা জিলাৰ গোৰেশ্বৰৰ বিষ্ণুৰাভা ভৱনত শনিবাৰে অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম পথিকৃৎ নেতা  প্ৰয়াত নন্দেশ্বৰ তালুকদাৰ আৰু অচিন্ত ভট্টাচাৰ্য্যৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। 

পাৰ্টিৰ অন্যতম জেষ্ঠ নেতা কৰুণা ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চি পি আই এম কামৰূপ জিলা কমিটিৰ সম্পাদক ৰমেশ নাথে। প্ৰায় তিনি শতাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাত "বিজেপি চৰকাৰ আৰু আজিৰ ভাৰত" শীৰ্ষক বিষয় সম্পৰ্কত বক্তব্য প্ৰদান কৰে চি পি আই এম  অসম ৰাজ্যিক কমিটিৰ সম্পাদক দেৱেন ভট্টাচাৰ্যই। 

ভাষণ প্ৰসংগত ভট্টাচাৰ্যই বিজেপি চৰকাৰৰ কৃষক, শ্ৰমিক বিৰোধী নীতি তথা বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক তীক্ষ্ন ভাষাৰে  সমালোচনা কৰে। তদুপৰি দেশী-বিদেশী বৃহৎ পুঁজিপতিৰ হাতত ৰাজহুৱা খণ্ডৰ অনুষ্ঠান গতাই দিব বিচৰা বিজেপি চৰকাৰৰ উদাৰীকৰণ নীতিয়ে যে সাধাৰণ জনতাৰ জীৱন-জীৱিকাৰ ওপৰত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে, তাৰ ওপৰতো বিশদ ভাৱে আলোচনা আগবঢ়ায়। 

ভাষণ প্ৰসংগত কৃষকৰ আত্মহত্যা, যুৱকৰ কৰ্মসংস্থানহীনতা, বস্তুৰ মূল্যবৃদ্ধি আদিৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰেই মূলত দায়ী বুলি তেওঁ উল্লেখ কৰে। তাৰ লগে লগে জনসাধাৰণৰ উন্নয়নমূলক কাম-কাজ কৰাৰ বিপৰীতে আৰ এছ এছ ৰ নিৰ্দেশত বিজেপিয়ে কোনে কি খাব, কোনে কি পিন্ধিব, গো হত্যা আদিৰ দৰে বিষয়বোৰত ৰাজনীতি কৰা বুলি অভিযোগ তুলি এই ৰাজনীতিয়ে দেশৰ ঐক্য সংহতি বিনষ্ট কৰাৰ শংকা ব্যক্ত কৰে প্ৰবীণ বাওপন্থী নেতাগৰাকীয়ে। 

একে বিষয়ৰ ওপৰত বক্তব্য আগবঢ়াই পাৰ্টিৰ  অন্যতম নেতা বাপু বড়োৱে।  সভাৰ অন্তত অসমৰ বানপানীত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে চি পি আই এম কামৰূপ জিলা কমিটিৰ উদ্যোগত  এতিয়ালৈকে সংগৃহীত প্ৰায় ২৮,০৫৭  টকা পাৰ্টিৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য্যৰ হাতত অৰ্পণ কৰা হয়।