সৰভোগঃ সৰভোগৰ চুক্ৰুংবাৰী অঞ্চলৰ শৈক্ষিৰ পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ চুক্ৰংবাৰী সমিতিয়ে পাঠদান শিবিৰ অনুষ্ঠিত কৰে৷ চুক্ৰুংবাৰী হাইস্কুলত ১-৩০ জুলাইলৈ গ্ৰীষ্ম বন্ধৰ বন্ধৰ সময়ত চুক্ৰুংবাৰী অঞ্চলৰ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অনুষ্ঠিত কৰা হয় বিনামূলীয়া পাঠদান শিবিৰটো৷

অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়।  শিৱিৰত গনিট, বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া আৰু ইংৰাজী বিষয়ত পাঠদান কৰোৱাৰ লগতে পৰীক্ষাৰ বাবে প্ৰস্তুত হ’বৰ বাবে শিক্ষা দিয়া হয়। শিবিৰটোত মানিক বৰ্মন, ছাইদুৰ ৰহমান, নুৰল ইছলাম, কনকলতা বৰ্মন, শ্বাহ আলম, লালচান খান, আব্দুৰ ৰহিম, কলিম উদ্দিন, ইজাজ আহমেদ, নমিতা বসুমতাৰী, উত্তম দাস, মইনুল তালুকদাৰ আদিয়ে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰে। শনিবাৰে সামৰণি পৰা শিবিৰটোত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।