CNN

বিহগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে আৰ্থিক সাহায্য আগবঢ়ায় ৰাজ্যৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে৷

শোণিতপুৰ জিলাৰ বিহগুৰিৰ অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰেঙণি যুৱ সংঘই প্ৰতিবছৰৰ দৰে এইবাৰো দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য তথা সম্বৰ্ধনা জনায়৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৰডুবিয়াৰ কৃষ্ণা দাস, নামপিঠাখোৱাৰ পাৰ্থ প্ৰতিম বৰা, মলয়া গাঁৱৰ বিকাশ কোচ আৰু বালিখুতিৰ মহেন্দ্ৰ নাথক আৰ্থিক সাহায্য প্ৰদান কৰে।

ৰেঙণি যুৱ সংঘৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাৰ্য্যক সমাজ সেৱক দিলীপ বৰা, নিৰোজ নাথৰ লগতে বিহগুৰি অঞ্চলৰ সচেতন মহল আৰু ৰাইজে শলাগ লয়৷