
কোকৰাঝাৰঃ ভাৰত ভূটান সীমান্তৱৰ্তী উল্টাপানী আৰু সৰলপাৰাৰ বিস্তীৰ্ণ অঞ্চলক সামৰি এখন আদৰ্শ গাওঁ স্থাপন কৰা হ'ব। অতি দুৰ্গম অঞ্চলটোৰ জনসাধাৰনক বিশুদ্ধ খোৱা পানী,স্বাস্থ্য সেৱা,বেংক সেৱা,মোবাইল সেৱাকে ধৰি বিভিন্ন সা-সমস্যা সমূহ প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে।
♦ ভাৰত-ভূটান সীমান্তত স্থাপন হ'ব আদৰ্শ গাওঁ
♦উল্টাপানী-সৰলপাৰাত পথৰ আধাৰশিলা স্থাপন হাগ্ৰামাৰ
ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত এখন ইণ্ডো ভূটান গেট স্থাপনৰ বাবেও পৰিকল্পনা কৰা হৈছে। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
পথছোৱাৰ আধাৰ শিলা স্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মত প্ৰকাশ কৰে৷ সীমান্ত অঞ্চল উন্নয়ন আচঁনিৰ অধীনৰ বিশেষ কেন্দ্ৰীয় সাহায্যৰ অন্তৰ্গত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ অধীনত প্ৰায় ১৩৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা উক্ত পথছোৱাৰ কাম অতিশীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷
সীমান্ত অঞ্চল উন্নয়নত চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলি মন্তব্যৰে সীমান্তৱাসীৰ জীৱনধাৰণৰ মান উন্নয়ন কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ বুলি মত প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ আধাৰশিলা অনুষ্ঠানৰ পূৰ্বে কোকৰাঝাৰৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰীয়ে উল্টাপানী বজাৰৰ পৰা উল্টাপানী গাওঁ সংযোগী ১.৬৩ কিলোমিটাৰ দৈৰ্ঘৰ আন এটা পথৰ আধাৰশিলা স্থাপন কৰে৷
প্ৰায় ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগা পথটোৰ অতি শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷ আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ কুমাৰ ব্ৰহ্ম,গড়কাপ্তানি পথ নিৰ্মান বিভাগৰ মুখ্য অভিযন্তা ৰাহুল দেৱ বসুমতাৰী, কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু, অতিৰিক্ত জিলা উপায়ুক্ত দেবেশ্বৰ বৰাকে ধৰি এছএছবিৰ শীৰ্ষ বিষয়া আৰু স্থানীয় জনসাধাৰণেও অংশগ্ৰহণ কৰে৷