30
Jul
2017

গোলকগঞ্জঃ গো ৰক্ষাৰ নামত সাধাৰণ লোকক আক্ৰমণ কৰি হত্যা কৰাৰ সময়তে গাওঁৰক্ষী বাহিনীয়ে জব্দ কৰা গৰু আৰক্ষীয়ে এৰি দিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ধুবুৰী জিলাৰ তামাৰহাটৰ মৰাগদাধৰ চৰ গাঁৱত শুকুৰবাৰে নিশা গাওঁৰক্ষী বাহিনীয়ে বহিঃ ৰাজ্যৰ পৰা অনা ১১টা গৰু জব্দ কৰে।
জব্দ কৰা গৰুকেইটা আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে গৰুবোৰ অবৈধ ভাবে অনা বুলি কৈ বুলি খোৱাৰত দিয়ে। কিন্তু ৰহস্যজনক ভাবে শনিবাৰ সন্ধিয়াৰ ভাগত আৰক্ষীৰ পাগলাহাট নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই গৰুকেইটাক খোৱাৰৰ পৰা এৰি দিয়ে।
তাৰ পাছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য৷ গৰুকেইটা যদি বৈধভাৱে লৈ আহিছিল তেন্তে জব্দ কৰিলে কিয় আৰু যদি অবৈধভাবে সৰবৰাহ কৰিছিল তেন্তে এৰি দিলে কিয় বুলি স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে৷
ক্ষমতাৰ অপব্যৱহাৰ কৰি আৰক্ষী বিষয়াগৰাকীয়ে ধনৰ লেন-দেন কৰি এৰি দিয়া বুলি অভিযোগ কৰে ৰাইজে৷