
চৰাইদেউঃ উত্তৰ অসমৰ ৰাইজৰ বাবে মৃত্যুদূত স্বৰূপ নিৰ্মীয়মান নামনি সোঁৱণশিৰি নদীবান্ধৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসম চৰকাৰে অতি শেহতীয়া ভাৱে যি নীচ ষড়যন্ত্ৰ কৰিছে তাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কঠোৰ ভাষাৰে গৰিহণা দিছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে যিকোনো উপায়ে নামনি সোঁৱণশিৰি নদীবান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনে গ্ৰীণ ট্ৰিবিউনেলত দাখিল কৰা শপত নামাত বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত অসমৰ চাৰিজন বিশেষজ্ঞৰ মতামত উহ্য কৰি দাখিল কৰি নদীবান্ধ নিৰ্মাণ সম্পন্ন কৰি তোলাৰ স্বাৰ্থত এন এইচ পি চিৰ সপক্ষে ট্ৰিবিউনেলক আবেদন কৰিছে।
সমগ্র উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ বাবে ভাবুকি স্বৰূপ সোঁৱণশিৰি নদীবান্ধক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৰা এই নীচ ষড়যন্ত্ৰ অসমবাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে সংগঠনটোৱে। গংগাৰ উপনৈসমূহত নদীবান্ধৰ বিৰোধিতা কৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ ক্ষেত্ৰত বিপৰীত স্থিতি লোৱা কাৰ্য্যকো তীব্ৰ সমালোচনা কৰে পৰিষদৰ নেতাদ্বয়ে।
কেন্দ্ৰত আৰু অসমত শাসনৰ গাদীত থকা বিজেপি দলে অসমত নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি ৰাইজৰ সজাগতাৰ বাবে প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ লগতে নদীবান্ধৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল । শাসনৰ গাদী হস্তগত কৰিয়েই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিশাটোৰ ভিতৰতে স্থিতি সলনি কৰি নদীবান্ধৰ পক্ষপাতিত্ব কৰাটো অত্যন্ত লজ্জাজনক বুলি উল্লেখ কৰে বিবৃতিটোত।
নেতাদ্বয়ে লগতে স্পষ্ট কৰি দিয়ে যে যুৱ-ছাত্ৰ পৰিষদ শক্তিখণ্ডৰ উন্নয়নৰ জৰিয়তে উদ্যোগিক বিকাশৰ কেতিয়াও পৰিপন্থী নহয়। তাৰ অৰ্থ এয়াও নহয় যে শক্তিখণ্ডৰ বাবে বৃহৎ নদীবান্ধ স্থাপন কৰি অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব।
শক্তিখণ্ডৰ উন্নয়নৰ বাবে সেয়েহে চৰকাৰে নদীবান্ধৰ বিকল্প ব্যৱস্থা সমূহ গ্ৰহণ কৰা উচিত বুলি সদৰী কৰে সংগঠনটোৱে। অানহাতে নিৰ্মীয়মান নামনি সোঁৱণশিৰিৰ লগতে নামনি (Down Stream) ত অসমৰ যিকোনো অঞ্চলক প্ৰভান্বিত কৰিব পৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত সকলোবোৰ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুৱ-ছাত্ৰ পৰিষদে বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি স্পষ্ট কৰি দিয়ে।
ইয়াৰ অংশ স্বৰূপে যুৱ-ছাত্ৰ পৰিষদে অহা ৩ আগষ্টত সমগ্র অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত পৰিষদৰ সংশ্লিষ্ট জিলা সমিতিসমূহে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত এক ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। একে দাবীত লখিমপুৰ জিলা সমিতিয়ে ৩ আগষ্টৰ পৰা ১০০ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰি প্ৰতি দিনে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে জনজাগৰণ সভা অনুষ্ঠিত কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰিছে।