চাবুৱা/ডিব্ৰুগড়ঃ হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ৷ মৰণফাণ্ডলৈ পৰিণত হোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

উজনি অসমৰ অন্যতম জনগোষ্ঠীয় সংগঠন মটক যুৱ-ছাত্ৰ পৰিষদে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ দধিয়া-লাইকাৰ মিচিং জনগোষ্ঠীৰ লগতে বানাক্ৰান্তত গৃহহীন হোৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়া, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা, চাহ বাগানত বিশুদ্ধ খোৱা পানী যোগান ধৰা আদিৰ দাবীত আজি সন্ধিয়া মটক যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ভালেকেইটা সংগঠনৰ সহযোগত চাবুৱাৰ হাতীআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি প্ৰায় শ-শ লোকে হাতে-হাতে জোৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, মৰণফাণ্ডলৈ পৰিণত হোৱা ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথ অতিশীঘ্ৰে মেৰামতি কৰক আদি  শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে। মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই দধিয়া-লাইকাকে ধৰি ৰাজ্যৰ বানাক্ৰান্তক এতিয়াও চৰকাৰে সাহায্য নিদিয়া বুলি অভিযোগ কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমক বাৰে বাৰে মাহী আইৰ দৃষ্টিৰে চোৱাৰ বুলিও কয় বৰুৱাই৷