লংকাঃ লোক কৃষ্টি-সংস্কৃতি সাহিত্য সৃষ্টিৰ বাবে কাম কৰি অহা ‘ডেউকা’ নামৰ অনুষ্ঠানটোৰ উদ্যোগত আজি "সাহিত্যৰ এদিন" শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

দশম সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লংকা মহাবিদ্যালয়ৰ আলোচনা সভাকক্ষত দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত "সাহিত্যৰ এদিন" অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰাৰ লগতে নিজ নিজ কবিতা পাঠ কৰে৷

ডেউকাৰ উদ্যোগত অনুষ্ঠিত এদিনীয়া অনুষ্ঠানটোত বিশিষ্ট কবি, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা, বিশিষ্ট গল্পকাৰ তপন দত্ত, হোজাই জিলাৰ অতিৰিক্ত উপাযুক্ত অনিমেষ তালুকদাৰ উপস্থিত থাকে। এনেদৰে কবিতা আৰু সাহিত্যৰে এদিনৰ বাবে জীপাল হৈ পৰে লংকা মহাবিদ্যালয়ৰ সভা কক্ষ৷