ৰঙিয়াঃ ৰঙিয়াত পথ মেৰামতিৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৰ পশ্চিম ৰঙিয়া আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে ৰঙিয়া অঞ্চলৰ জৰাজীৰ্ণ পথসমূহ যাতায়াতৰ বাবে অনুপযুক্ত হৈ পৰাত ৰাজপথলৈ ওলাই অহা বুলি কয়৷

ৰঙিয়া-গোৰেশ্বৰ পথ অৱৰোধ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সংগঠনটোৱে৷ প্ৰতিবাদস্থলীত উপস্থিত থাকে আছুৰ কামৰূপ জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক দীপদৰ্শন ভৰদ্বাজ, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা, সম্পাদক নিউটন কলিতা।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ৰঙিয়াৰ পথসমূহ মেৰামতিৰ দাবীত ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীলৈ ৰঙিয়া মহকুমাধিপতিৰ জৰিয়ত স্মাৰক প্ৰেৰণ কৰে সংগঠনটোৱে৷