বঢ়মপুৰঃ নগাঁৱৰ পুতনিৰ হালোৱা গাঁৱত এগৰাকী কিশোৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা বুধবাৰৰে পৰা নিৰুদ্দেশ হৈ আছে কিশোৰীগৰাকী। পুৰণিগুদামলৈ বুলি আহি আজি পৰ্যন্ত সন্ধানহীন হৈ আছে ১৭ বছৰীয়া কিশোৰীগৰাকী।  

পৰিয়ালৰ লোকে ফাইজুল হক নামৰ এজন যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকসকলে  পুৰণিগুদাম আৰক্ষী চকীত এজাহাৰ দিখল কৰে।

কিন্তু এজাহাৰ দাখিলৰ পিছতো পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষী বিষয়া গৰাকীয়ে  কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীৰ এনে নিষ্ক্ৰিয়তাৰ বিষয়ে পৰিয়ালৰ  লোকে সাংবাদিকক জনোৱা বুলি জানিব পাৰি দেওবাৰে ততাতৈয়াকৈ পুৰণিগুদাম আৰক্ষী চকীৰ দল এটাই তদন্ত আৰম্ভ কৰে।

প্ৰাৰম্ভিক তদন্তৰ অন্তত কিশোৰীগৰাকী সন্ধানহীন হৈ পৰা ঘটনাৰ আঁৰত প্ৰেমজনিত সম্পৰ্কৰ প্ৰভাৱ আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও পৰিয়ালৰ লোকসকলে সেয়া মানি ল’ব খোজা নাই।