
ঢেকীয়াজুলিঃ যেতিয়াই অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে তেতিয়াই সবল ভূমিকা পালন কৰি জাতিৰ ওচৰত থিয় দিয়ে অসমৰ একমাত্ৰ জাতীয়তাবাদী সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ জনমতৰ বিৰুদ্ধে গৈ চৰকাৰে কৰা কামৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাইজৰ পক্ষত থিয় দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷
অসমত পূৰ্ণ স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা, দ্বি-নাগৰিকত্বৰ ব্যৱস্থা কৰা, আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰা, চাহপাতৰ মুখ্য নিলাম কাৰ্যালয় অসমলৈ হস্থান্তৰ কৰা আদি দাবীত তিনিটা দশক ধৰি সংগ্ৰাম কৰি আহিছে সংগঠনটোৱে৷ কৃষক, হালুৱা, ছাত্ৰ, শিক্ষক, যুৱ সমাজৰ সংগঠন বুলি কোৱা সংগঠনটোৰ তেজপুৰ জিলা সমিতিৰ অষ্টদশ দ্বিবাৰ্ষিক অধিৱেশন দেওবাৰে শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হৈ যায়৷
ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত নগৰৰ মাজ মজিয়াৰ ট্ৰাক ব্যৱসায়ী সন্থাৰ সভাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলাৰ অধিৱেশনখনৰ পুৱা পতাকা উত্তোলনেৰে জিলা সমিতিৰ মুখ্য আহ্বায়ক নৃপেন নাথে কাৰ্যসূচীৰ শুভৰাম্ভ কৰে৷ জিলা সমিতিৰ প্ৰাক্তন সভাপতি দীপক নাথে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷ জিলা সমিতিৰ অধিৱেশন উপলক্ষে সংগঠনটোৰ বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা তথা স্থানীয় ৰাইজৰ উপস্থিতিত ঢেকীয়াজুলি প্ৰেছ ক্লাৱৰ সংবাদসেৱীক একোখন প্ৰশস্তি পত্ৰ আৰু গামোছাৰে সম্বৰ্ধনা জনায়।
প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা লেখক, সাংবাদিক ৰমেশ চন্দ্ৰ বৰা, বৰ্তমানৰ সভাপতি ভগৱান বৈশ্য, জ্যেষ্ঠ সংবাদসেৱী সুজিৎ কটকী, প্ৰশান্ত শৰ্মা, অশ্বিনী শৰ্মা, দিগন্ত শৰ্মা, ফটো সাংবদিক সমিচিন মজুমদাৰ (ৰাজু), মনদ্বীপ সিং (জিমি), ইন্দ্ৰজিৎ শৰ্মা, প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক ৰূপেন্দ্ৰজিৎ শৰ্মা, প্ৰেছ ক্লাবৰ বৰ্তমানৰ সম্পাদক বিমলজ্যোতি নাথ, সাংবাদসেৱী অমিয় হালৈ, ভূপেন নাথ, হৰেণ ভূমিজ, দুলাল নাথ, বিশ্বজিৎ দাস, লক্ষণ গোৱালা, দুষ্মন্ত শৰ্মা আদিকে ধৰি বহু সাংবাদিকক সম্বৰ্ধনা জনায় সংগঠনটোৱে৷
বিয়লিৰ ভাগত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত ৰাজেন বৰাক সভাপতি আৰু নৃপেন বৰাক সম্পাদক হিচাপে লৈ ২৮ জনীয়া তেজপুৰ জিলা সমিতিখন গঠন কৰা হয়৷ আবৃত্তিকাৰ, সাংবাদিক সুজিৎ কটকীয়ে অনুষ্ঠানটোৰ আঁত ধৰে।
সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জ্যোৰ্তিময় কলিতা, ৰাণাপ্ৰতাপ বৰুৱা, সম্পাদক পলাশ চাংমাই, যুটীয়া সম্পাদক বিজন বায়ন, কাৰ্যনিৰ্বাহক সদস্য প্ৰণৱ জ্যোতি কলিতা উপস্থিত থাকি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰি যোৱাৰ কথা ঘোষণা কৰে৷ আনহাতে শেহতীয়াকৈ বানপীড়িত লোকক ৰাজ্য চৰকাৰে সাহায্য দিয়াত বিফল হোৱা বুলি কৈ ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ নেতাসকলে৷