
লখিমপুৰঃ ক্ষমতা লাভ আৰু জনসমৰ্থন আদায় কৰাৰ দাবীত একোটা ৰাজনৈতিক দলে সময়ে সময়ে ওলোটা খৰ মৰা দেখা যায়৷ ক্ষমতাত থকাৰ কালত জনবিৰোধী কাম-কাজ কৰিবলৈ দ্বিধাবোধ নকৰে ৰাজনৈতিক দলসমূহে৷ ক্ষমতাৰ ৰাগীত বলীয়ান হৈ ৰাইজক শত্ৰু জ্ঞান কৰিবলৈ ধৰে৷ ৰাইজৰ প্ৰতিবাদক আৰক্ষীৰ হতুৱাই দমনৰ চেষ্টা চলায়৷
তাৰ লগে লগে বিৰোধী ৰাজনৈতিক দলবোৰে তেতিয়া ৰাইজৰ সমৰ্থনত থিয় দি চৰকাৰৰ হঠকাৰী নীতিক সমালোচনা কৰে৷ তেনেই এক পৰিৱেশ বিৰাজ কৰিছে এতিয়া অসম মুলুকত৷ কংগ্ৰেছ দলে ৰাজ্য শাসন কৰিলে ১৫ বছৰ আৰু কেন্দ্ৰত শাসন কৰিলে ১০ বছৰ৷
দলটোৱে শাসনৰ থকা কালত ৰাজ্যত কেইবাটাও বৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ বাবে আঁচনি যুগুত কৰি গেৰুকামুখৰ বৃহৎ নদী-বান্ধৰ নিৰ্মাণকাৰ্য চলাই যায়৷ গেৰুকামুখত নিৰ্মীয়মান সোৱণশিৰি নৈৰ এই বৃহৎ নদীবান্ধটো ভাৰতৰ ভিতৰত বৰ্তমানলৈকে নিৰ্মিত সৰ্ববৃহৎ নদী-বান্ধ আৰু বিদ্যুৎ উৎপাদন ক্ষমতা ২,০০০ মেগাৱাট৷
২০১১ চনৰ পৰাই কংগ্ৰেছ দলে গাৰ বলেৰে নিৰ্মাণ কৰিব বিচৰা বৃহৎ নদীবান্ধৰ নিৰ্মাণ আৰম্ভ কৰাৰ দিনৰ পৰাই ৰাজ্যখনৰ দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে৷ শাসনত থকা কংগ্ৰেছ দলে হাজাৰ হাজাৰ মানুহক বিপদত পেলাব বুলি কৈ ৰাইজ ৰাজপথলৈ ওলাই আহে৷
বছৰৰ পাছত বছৰ ধৰি প্ৰতিবাদ কৰি অহাৰ পাছতো কংগ্ৰেছ দলৰ চৰকাৰ বদ্ধ পৰিকৰ হৈ পৰিছিল নদী বান্ধ নিৰ্মাণ কৰিবলৈ৷ গঙাটোপৰ দৰে সেই সময়ত শাসনত থকা মন্ত্ৰী-বিধায়কে তথা কংগ্ৰেছ দলে ৰাইজৰ পক্ষ নলৈ পুলিছ-মিলিটাৰী লগাই নদীবান্ধৰ কাম কৰি গৈছিল৷ প্ৰতিবাদী ৰাইজক পুলিচৰ হতুৱাই গুৰুলা-গুৰুলকৈ পিটিছিল৷
সেই সময়ৰ বিৰোধী বিজেপি দলে নদীবান্ধ নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ তদানীন্ত বিজেপিৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিঙে নদী বান্ধৰ নিৰ্মাণ স্থলীত উপস্থিত হৈ বান্ধ বন্ধ কৰাৰ দাবীত আন্দোলন কৰিছিল৷ বিজেপিৰ বিধায়কে বিধানসভাৰ বাহিৰত আন্দোলন কৰিছিল নদীবান্ধ বন্ধ কৰাৰ দাবীত৷
কিন্তু এতিয়া সময় সলনি হল৷ কংগ্ৰেছ দল এতিয়া শাসনত নাই৷ বিজেপি শাসনলৈ আহি নদীবান্ধ নিৰ্মাণৰ সপক্ষত থিয় হ'ল আৰু নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে কংগ্ৰেছে৷ কি যে বিড়ম্বনা ৰাইজৰ৷
কেৱল ভোটলাভৰ স্বাৰ্থত একো একোটা দলে সময় সলনি হোৱাৰ লগে লগে সলনি হৈ যায়৷ লখিমপুৰ জিলা কংগ্ৰেছে আজি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙানদী পাৰত লখিমপুৰ-ধেমাজি-মাজুলী বচোৱা আন্দোলন কৰে দলটোৱে।
ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানৰ কবলত পৰি লখিমপুৰ, মাজুলীৰ তিনি লক্ষাধিক লোক সৰ্বস্বান্ত হোৱাৰ পাছতো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোনো সহাৰি নিদিয়াৰ অভিযোগ কৰে দলটোৱে৷ ক্ষতিপূৰণৰ নামত নীপকোৰ পৰা ১০০০ কোটি, ৰাজ্য চৰকাৰৰ পৰা ১০০০ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০০ কোটি টকা মুকলি কৰাৰ দাবী তোলে জিলা কংগ্ৰেছৰ সভাপতি ড৹ জয়প্ৰকাশ দাসে।